কংগ্ৰেছৰ দখললৈ যোৱাটো নিশ্চিত হৈ পৰিছে বৰপেটা জিলা পৰিষদ

barpeta panchayat

বৰপেটাত বিজয়ী প্ৰাৰ্থীৰ উল্লাস। ফটো : নৰ্থইষ্ট নাও

বৰপেটা জিলা পৰিষদ কংগ্ৰেছ দখললৈ যোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। বৰপেটা জিলা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা সম্পূৰ্ণ হোৱা নাই যদিও ঘোষিত ১৩ খন জিলা পৰিষদত কংগ্ৰেছে ৮ খন আৰু বিজেপি দলে ৫ খন জিলা পৰিষদ দখল কৰিছে ৷ ঘোষিত ১৩ টা জিলা পৰিষদত অগপ আৰু এ আই ইউ ডি এফ দলে এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

মুঠ ২৯ খন জিলা পৰিষদৰ সদস্য পদ থকা বৰপেটা জিলা পৰিষদ দখল কৰিবলৈ হলে “মেজিক নম্বৰ” ১৫ ৰ প্ৰয়োজন যদিও এই সংখ্যা স্পৰ্শ কৰাৰ দিশে অগ্ৰসৰ হৈছে কংগ্ৰেছ দল ৷ কিয়নো কংগ্ৰেছ অধ্যুষিত ১০-১২ টা জিলা পৰিষদৰ প্ৰতিটোৰ ভোট গণনাত কংগ্ৰেছ দল যথেষ্ট আগবাঢ়ি আছে ৷

আজি ঘোষণা কৰা ফলাফলত বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টি সৰভোগ সমষ্টিৰ অন্তৰ্গত ১৮ নং মৈৰাঝাৰ খৈৰাবাৰী আৰু ২৪ নং বগৰীগুৰী পথাৰ আৰু ৮ নং গোৱৰ্ধনা জিলা পৰিষদ কংগ্ৰেছ দলে লাভ কৰিছে ৷

আনহাতে ১৭ নং মেদা নিচুকা জিলা পৰিষদতো কংগ্ৰেছ দলে অগ্ৰগতি লাভ কৰি আছে ৷ ঘোষিত ফলাফল অনুসৰি বাঘবৰ সমষ্টিৰ ১ নং আলোপতি মাজৰচৰ, জনীয়া সমষ্টিৰ ১৩ নং জনীয়া আৰু ১৪ নং কলগাছিয়া জিলা পৰিষদো কংগ্ৰেছ দলে লাভ কৰিছে ৷

সৰুক্ষেত্ৰী সমষ্টিৰ বেতবাৰী, বৰভিঠা, দক্ষিণ পূৱ সৰুক্ষেত্ৰী জিলা পৰিষদৰ সদস্যত কংগ্ৰেছ দলে লাভ কৰাৰ বিপৰীতে পাকা সৰুক্ষেত্ৰী জিলা পৰিষদৰ সদস্যত বিজেপি জয়ী হৈছে ৷

কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী শুকুৰ আলীৰ গৃহ সমষ্টি চেঙাৰ ৬ নং চেঙা জিলা পৰিষদৰ সদস্যত বিজেপি প্ৰাৰ্থী জয়ী হৈছে ৷ ইপিনে ৬ নং চেঙা জিলা পৰিষদ, ১৫ নং খোলাবন্ধা জিলা পৰিষদ আৰু ১৬ নং মন্দিয়া জিলা পৰিষদ কংগ্ৰেছৰ দখললৈ যোৱাটো প্ৰায় নিশ্চিত ৷

জিলাখনৰ আন কেইবাটাও জিলা পৰিষদৰ সদস্য পদত  কংগ্ৰেছ দলৰ অগ্ৰগতি অব্যাহত আছে ৷ লক্ষণীয় যে, বৰপেটা জিলাৰ পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত তিনিওটা জিলা পৰিষদ বিজেপি দলে দখল কৰিছে ৷