New Team in IPL অৱশেষত আইপিএলৰ নতুন দুটা দলৰ ঘোষণা BCCIৰ; কাৰ হাতলৈ গ’ল দলৰ মালিকানা?

IPL new team announced

New Team in IPL অপেক্ষাৰ অৱসান ঘটাই অৱেশষ ঘোষণা কৰা হ’ল আইপিএলৰ নতুনকৈ যুক্ত হ’বলগীয়া নতুন দুটা দলৰ নাম। নিলামৰ পাছতে আনুষ্ঠানিকভাৱে আইপিএলত সংযোগ হ’ল আৰু দুটা নতুন দল।

পৰৱৰ্তী ছিজনৰ পৰা পুৰণি আঠটা দলৰ সৈতে নতুনকৈ যোগ দিব আহমেদাবাদ আৰু লক্ষ্ণৌৱে।

সোমবাৰে দীৰ্ঘসময় ধৰি চলা নিলামত CVC কেপিটেলছে কিনি লয় আহমেদাবাদ। সেইদৰে লক্ষ্ণৌ দলৰ মালিকানা লাভ কৰে সঞ্জীৱ গোৱেংকাৰ সংস্থা RPSGয়ে।

বাতৰি অনুসৰি, গোৱোংকা কোম্পানীয়ে ৭০৯০ কোটি টকাত কিনি লয় লক্ষ্ণৌ দলটো। ইয়াৰ পূৰ্বে ইয়াৰ দল ৰাইজিং পুনে ছুপাৰজায়েন্টে আইপিএলত অংশ লৈছিল।

আনহাতে, আহমেদাবাদ দলটো ৫২০০কোটিৰ বিনিময়ত লাভ কৰে CVC কেপিটেলছে।

আইপিএলৰ পৰৱৰ্তী ছিজনত ১০টা দলে মুঠ ৭৪খন মেচ খেলিব।

Also Read: মৰণফান্দ! কৃষ্ণাইত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড; বাঁহৰ খুটাত তাঁৰ টানি দিয়া হৈছে বিদ্যুৎ সংযোগ

বিচিচিআইয়ে যোৱা ৩১আগষ্টাত নতুন দুটা দলৰ বাবে নিবিদা আহ্বান কৰিছিল। বোৰ্ডে ১০লাখ টকাৰ বিনিময়ত নিলামত অংশগ্ৰহণ কৰা পাৰ্টিক এই নিবিদা পত্ৰ বিক্ৰী কৰিছিল।

বিচিচিআইয়ে আইপিএলৰ দল কিনাৰ বাবে ন্যুনতম ২০০০কোটি টকা মূল্য নিৰ্দ্ধাৰণ কৰিছিল। তদুপৰি, আইপিএলৰ দল ক্ৰয় কৰিব বিচৰা সংস্থাৰ ন্যুনতম ৩০০০কোটি টকাৰ সম্পত্তিৰ মূল্য থাকিব লাগিব বুলি চৰ্ত বান্ধি দিছিল।

সেইদৰে বিডত অংশগ্ৰহণ কৰা এই আগ্ৰহী সংস্থাৰ মালিকৰ নিজা সম্পত্তিৰ মূল্য আঢ়ৈ হাজাৰ কোটি টকা হ’ব লাগিব বুলিও চৰ্ত বান্ধি দিছিল।

Also Read: নিৰ্বাচনৰ পূৰ্বে দিয়া এটাও প্ৰতিশ্ৰুতি চৰকাৰখনে আজি পৰ্যন্ত কাৰ্যক্ষম নকৰিলে: সাংসদ গৌৰৱ গগৈ

এই নিলামত কেইবাটাও ভাৰতীয় সংস্থাৰ উপৰি মানচেষ্টাৰ ইউনাইটেডৰ নামো শুনা গৈছিল। সেইদৰে আইপিএলৰ দল ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল বলীউদৰ তাৰকা দম্পতি ৰণবীৰ সিং আৰু দীপিকা পাডুকোনেও।

মুঠতে এই নিলামৰ বাবে ৯খন বিড জমা পৰিছিল। গোৱেংকা, চিভিচি কেপিটেলছৰ উপৰি বিড জমা কৰা সকলৰ ভিতৰত আছিল আদানি গ্ৰুপ, উদয় কোটাক, এইচ টি মিডিয়া, টৰেন্ট ফাৰ্মা, গ্লেজাৰ্ছ আদি।