৫ জানুৱাৰিত বৰ্ষাপাৰাত সংঘটিত আজৱ কাণ্ডবোৰক লৈ অসন্তুষ্ট বি চি চি আয়ে ঘটনাৰ প্ৰতিবেদন বিচাৰিছে অসম ক্ৰিকেট সংস্থাৰ পৰা।
হেয়াৰ ড্ৰায়াৰ আৰু ইস্ত্ৰি ব্যৱহাৰ যুক্তিপূৰ্ণ বুলি দাবী কৰা অসম ক্ৰিকেট সংস্থাৰ বিষয়ববীয়াৰ মাজত অনভিজ্ঞতা আৱিষ্কাৰ কৰিছে অভিভাৱক সংস্থাটোৱে।
অসম ক্ৰিকেট সংস্থাৰ সম্পাদক দেৱজিত শইকীয়াই আজি সংবাদ মাধ্যমৰ আগত কালি তেওঁলোকে পিটছখন শুকুৱাবলৈ লোৱা পদক্ষেপবোৰত কোনো ভুল নাই আৰু এইবোৰ মুৰব্বী ক্ৰিকেট সংস্থাটোৱে বান্ধি দিয়া নিয়মৰ ভিতৰুৱা বুলি দাবী কৰে।
কালি ভাৰত-শ্ৰীলংকাৰ মাজত অনুষ্ঠিত টি-২০ মেচখনৰ সময়ত বৰষুণত তিৰ্পালৰ ফুটাৰে পানী সৰকি পিটছ সেমেকি যোৱাৰ পিছত সেয়া শুকুৱাবলৈ অসম ক্ৰিকেট সংস্থাই হেয়াৰ ড্ৰায়াৰ আৰু ইস্ত্ৰি ব্যৱহাৰ কৰি সকলোকে আচৰিত কৰিছিল। চাৰিওফালৰ পৰা অহা ব্যংগ-বিদ্ৰূপ, সমালোচনাত থৰকাছুটি হেৰুৱাই মুখলজ্জা ঢাকিবলৈ চেষ্টা কৰে বিষয়ববীয়াসকলে।
এই “আজৱ” ঘটনাটো ৰাজ্যখনৰ আজিৰ দিনটোৰ আটাইতকৈ চৰ্চিত বিষয় হয়। ছ’চিয়েল মিডিয়া য়ুজাৰে ঘটনাটোৰ পৰা ৰস আহৰণ কৰি বিভিন্ন ব্যংগৰ সৃষ্টি কৰা দেখা গৈছে।
আনহাতে বি চি চি আয়ে মুখ্য কিউৰেটৰ আশিস ভৌমিকৰ পৰা এই খেলিমেলিবোৰ সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে।
“এইটোৱে ভৌমিক আৰু মুখ্য কাৰ্য্যবাহী ৰাহুল জহুৰীৰ প্ৰস্তুতিৰ অভাৱ উদঙাই দিছে”, বি চি চি আইৰ এজন বিষয়াই কয়।
দেশ দুখনৰ মাজত হ’ব লগীয়া তিনিখন খেলৰ টি-২০ ক্ৰিকেট শৃংখলাটোৰ এইখন আছিল প্ৰথম, য’ত এটাও বল নপৰাকৈ সমাপ্ত হোৱা বাবে বৰষুণতকৈ অসম ক্ৰিকেট সংস্থাৰ কাণ্ডজ্ঞানহীনতা অধিক দায়ী বুলি মন্তব্য ক্ৰিকেট অনুৰাগীৰ।