আই পি এল-২০২০ ত কোভিড পৰীক্ষাৰ বাবে বি চি চি আইয়ে ব্যয় কৰিব ১০ কোটি টকা

Sourav Ganguly

সৌৰভ গাংগুলী। উৎস-ইণ্টাৰনেট

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰতৰ পৰিৱৰ্তে য়ু এ ইত অনুষ্ঠিত কৰিবলৈ বিচৰা আই পি এল-২০২০ত খেলুৱৈ সকলৰ লগতে প্ৰতিটো দলৰ সদস্য সকলৰ ক’ৰ’না পৰীক্ষাৰ বাবদ বি চি চি আইয়ে ১০ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে।

১৯ ছেপ্তেম্বৰৰ পৰা আৰাম্ভ হ’বলগীয়া আই পি এলত ১০ কোটি টকা ব্যয়েৰে মুঠ ২০,০০০ কোভিড পৰীক্ষা সম্পন্ন কৰা হ’ব বুলি বি চি চি আইয়ে জানিবলৈ দিয়ে।

”আমি য়ু এ ইৰ এটা প্ৰতিষ্ঠিত কোম্পানীক কোভিডৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে নিৰ্বাচন কৰিছো….প্ৰতিটো পৰীক্ষাৰ বাবদ বি চি চি আইৰ প্ৰায় ২০০ এ ই ডি খৰচ হ’ব,” বি চি চি আইৰ এগৰাকী প্ৰতিনিধিয়ে সদৰী কৰে।

উল্লেখযোগ্য যে, আই পি এল-২০২০ত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতৰ পৰা প্ৰতিটো আই পি এল দল য়ু এ ইত উপস্থিত হোৱাৰ পাছত চেন্নাই চুপাৰ কিংগছৰ ১১ গৰাকী সদস্যৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

চেন্নাই চুপাৰ কিংগছৰ বলাৰ দীপক চাহাৰৰ লগতে অন্যান্য চাপোৰ্ট ষ্টাফৰ সদস্য ক’ৰ’না আক্ৰান্ত হোৱাৰ পাছতে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰশ্নবোধকৰ সৃষ্টি হৈছিল।