• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান! গুৱাহাটীত চিকাৰৰ সন্ধানত কুখ্যাত এ’ টি এম ঠগৰ গেং

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
May 29, 2019 3:26 pm
Be careful! Notorious gang of ATM fraudsters on prowl in Guwahati
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাৱধান হওক! গুৱাহাটীত বিচৰণ কৰি আছে দে’বিট কাৰ্দ ক্ল’নিঙত সাংঘাটিক সিদ্ধহস্ত এ’ টি এম ঠগৰ এক দল, যি মুহূৰ্তৰ ভিতৰতে উদং কৰি পেলাব পাৰে আপোনাৰ বেংক একাউণ্ট।

ঠগৰ গেংটোৰ নৱতম চিকাৰ হৈছে এজন ৭৫বছৰীয়া পেঞ্চনাৰ, নাম গজেন্দ্ৰ নাথ তালুকদাৰ, ঘৰ গুৱাহাটী বেলতলাৰ লখিমী পথত। তেওঁ আইনী ওজন বিভাগৰ যুটীয়া নিয়ন্ত্ৰকৰূপে অৱসৰ গ্ৰহণ কৰিছে, আৰু ষ্টে’ট বেংক অৱ ইণ্ডিয়াৰ দিচপুৰ শাখাৰ তেওঁ গ্ৰাহক।

যোৱা ২৪ মে’ৰ দুপৰীয়া ১১.৪৫ৰ পৰা ১১.৪৮বজাৰ ভিতৰত তেওঁ ৰে’জিষ্টাৰ্দ ম’বাইল নম্বৰত চাৰিটা মেচেজ লাভ কৰিলে, আৰু জানিব পাৰিলে যে সেই তিনি মিনিটৰ ভিতৰত তেওঁৰ এচ বি আই একাউণ্টৰ পৰা অন্তৰ্ধান হৈ গৈছে ১ লাখ টকা।

বেংকলৈ ঢপলিয়াই আহি বয়সিয়াল লোকজনে তেওঁৰ পাচবুক আপদে’ট কৰিলে, আৰু জানিব পাৰিলে যে তেওঁৰ একাউণ্টৰ পৰা কোনোবা মিথলেশ কুমাৰলৈ ৮০হাজাৰ টকা ত্ৰান্চফাৰ হৈছে। ২৪ মে’ৰ দিনৰ ১১.৪৫ আৰু ১১.৪৬ বজাত দুবাৰত ৪০ হাজাৰকৈ সেই টকাখিনি ত্ৰানচফাৰ হৈছিল।

৮০হাজাৰ টকাটোৰ উপৰি ১০হাজাৰকৈ দুবাৰ তালুকদাৰৰ কাৰ্দৰ জৰিয়তে দুপৰীয়া ১১.৪৬ আৰু ১১.৪৮ বজাত নগদ ধন উলিয়াই নিয়া হৈছে। তালুকদাৰ গুৱাহাটীত থকাৰ বিপৰীতে নতুন দিল্লীৰ জগদম্বা মাৰ্কেট আৰু অমন ৱিহাৰৰ দুটা পৃথক এ’ টি এমৰ পৰা ধনখিনি উলিয়াই নিয়া হৈছে।

লগতে পঢ়ক– সাৱধান! আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰক, গোপনে নোহোৱা হৈ আছে অসমৰ গ্ৰাহকৰ ধন

ঘটনাটোৱে অৱসৰপ্ৰাপ্ত তালুকদাৰক কঁপাই তুলিছে। তেওঁ এজন হৃদৰোগী, আৰু কেইবছৰমান আগতে তেওঁৰ এটা অ’পেন হাৰ্ট চাৰ্জাৰি হৈ গৈছে।

“এইটো বৰ আচৰিত কথা। আমাৰ টকা আমাৰ বেংকতেই আৰু সুৰক্ষিত নহয়,” বেংকত থকা তেওঁৰ বাকী সকলো টকা উলিয়াই পেলোৱা বুলি উল্লেখ কৰি গজেন্দ্ৰ নাথ তালুকদাৰে নৰ্থ ইষ্ট নাও-ক জনায়।

তালুকদাৰে ঘটনাটোৰ পিছতে ততালিকে হাতীগাওঁ থানাত এখন এজাহাৰ দাখিল কৰিছে, এচ বি আইৰ দিচপুৰ শাখাটো লিখিত অভিযোগ দিছে।

কিন্তু চাৰিটা দিন যোৱাৰ পিছতো না এচ বি আই, না আৰক্ষীয়ে তালুকদাৰৰ হেৰোৱা ১লাখ টকাৰ ক্ষেত্ৰত একো সহায় কৰিব পৰা নাই।

তালুকদাৰে এতিয়াও বুজিব পৰা নাই তেওঁৰ সাঁচতীয়া ধন এ’ টি এম ঠগে কেনেকৈ মোকলাই নিব পাৰে।

শিৱ মন্দিৰৰ সমীপৰ এচ বি আই এ টি এমটোত যোৱা ৯ মে’ত তেওঁ অন্তিমবাৰ কাৰ্দখন ব্যৱহাৰ কৰোতে এজন হিন্দীভাষী সপ্ৰতিভ ডেকা ল’ৰাই তেওঁক কাৰ্দখন মেচিনটোত পুনৰ ভৰাই মিনি ষ্টে’টমেন্ত লৈ ল’বলৈ কৈছিল। “কিন্তু মই সেইটো কৰা নাছিলো,” তেওঁ কয়।

Be careful! Notorious gang of ATM fraudsters on prowl in Guwahati
গজেন্দ্ৰ নাথ তালুকদাৰৰ এজাহাৰৰ প্ৰতিলিপি।

“মই নাজানো গেংটোৱেনো কেনেকৈ মোৰ বেংক একাউণ্ট দিতে’ল সংগ্ৰহ কৰিব পাৰিছে আৰু চাৰিবাৰকৈ লেনদেন কৰিছে,” তালুকদাৰে কয়।

অসমকে ধৰি উত্তৰ-পূবৰ বেংক গ্ৰাহকসকলৰ নে’ট বেংকিঙৰ অভ্যাস ইমান নাই যদিও যোৱা কেইটামান বছৰত এ’ টি এম ব্যৱহাৰ বহু পৰিমাণে বাঢ়িছে।

এ’ টি এমৰ সঘন ব্যৱহাৰৰ সুযোগ লৈ মানুহৰ কষ্টোপাৰ্জিত ধন সৰকোৱাৰ বাবে কুখ্যাত দলটো গুৱাহাটীত নামি পৰিছেহি।

কাৰ্য্যতঃ ঠগবোৰে এখন দে’বিট কাৰ্দৰ বহুকেইখন ক্ল’ন কৰি মুহূৰ্তৰ ভিতৰতে একাউণ্ট খালি কৰিব পাৰে। বেছিভাগ ক্ষেত্ৰতে দুই তিনি মিনিটৰ ভিতৰত চাৰিৰ পৰা ছয়টালৈকে ত্ৰানজেক্সন সিহঁতে সহজেই কৰে।

দে’বিত কাৰ্দখনৰ বহুকেইটা নকল কৰাৰ ফলত অতি কম সময়তে হেকাৰবোৰে বহুকেইটা ত্ৰানজেক্সন কৰিবলৈ সক্ষম হয়। ভুক্তভোগীয়ে কথাটো গম পাই কাৰ্দ ব্লক কৰালৈকে একাউণ্টৰ পৰা বহু পৰিমাণৰ ধন তেওঁলোকে সৰকাই নিয়ে।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

August 14, 2025 6:30 am
মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

August 14, 2025 6:30 am
মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd