NORTHEAST NOW (Assamese)

লিডুত প্ৰায় ৫ লাখ টকাৰ গুটখা জব্দ; সান্ধ্য আইনক অংগুষ্ঠ প্ৰদৰ্শন অনা অসমীয়া বেপাৰীৰ

June 17, 2021 9:16 am · মানস প্রতীম গগৈ
ফটো: নৰ্থইষ্ট নাও।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত বুধবাৰে বিয়লি জব্দ হয় প্ৰায় ৫ লক্ষ  টকাৰ জৰ্দাসহ গুটখা।

তিনিচুকীয়াৰ পৰা লেখাপানীৰ টিৰাপলৈ এখন মহিন্দ্ৰা মেক্স গাড়ীৰে আনি থকা অৱস্থাত লিডুত  জাতীয় সংগঠনৰ সদস্যৰ দ্বাৰা জব্দ হয় গুটখাখিনি। পাছত লিডু আৰক্ষীক চমজাই দিয়ে।

কৰ’না মহামাৰীয়ে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অব্যাহত থকা সন্ত্ৰাসৰ পৰিপ্ৰেক্ষিতত চৰকাৰে দুই বজাৰ পৰা সান্ধ্য আইন অব্যাহত ৰাখিছে।

কিন্তু চৰকাৰৰ এই নিৰ্দেশক অমান্য কৰি একাংশ অসাধু ব্যৱসায়ীয়ে জৰুৰীকালীন সেৱাৰ গইনা লৈ গুটখাজাতীয় সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে।

বীৰ লাচিত সেনাৰ একাংশ সদস্যই গোপন সূত্ৰে জানিব পাৰি লিডুত প্ৰায় ৫ লক্ষ টকাৰ জৰ্দাসহ গুটখা জব্দ কৰে।

পাছত লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া  উত্তম তামাঙৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গুটখাসহ এ এচ ২৩ এ চি ২৮৫৭ নম্বৰৰ মেক্স খন জব্দ কৰি থানালৈ লৈ আহে।

গুটখাখিনি টিৰাপৰ জনৈক বি কে গুপ্তাৰ বুলি জানিব পৰা গৈছে।

Related News