NORTHEAST NOW (Assamese)

মোগলৰ দিনত শিক্ষা ব্যৱস্থা উন্নত আছিল! মোহন ভাগৱতৰ মন্তব্যত কটাক্ষ কংগ্ৰেছৰ

March 7, 2023 10:50 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 7, 2023 10:51 am

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰমুখ মোহন ভাগৱতে শেহতীয়াকৈ প্ৰদান কৰা এক বিশেষ তথা চৰ্চিত মন্তব্যক লৈ তীব্ৰ কটাক্ষ কৰিছে কংগ্ৰেছ দলে।

আজি কিছুদিন আগতে মোহন ভাগৱতে এটা ভাষণত কৈছিল যে ইংৰাজৰ আগমনৰ আগতে দেশৰ ৭০ শতাংশ লোক সাক্ষৰ আছিল। এই মন্তব্যক লৈয়েই এতিয়া শ্লেষ প্ৰকাশ কৰিছে কংগ্ৰেছ দলে। কংগ্ৰেছ দলৰ মুখপাত্ৰ সুপ্ৰিয়া শৃন্তে কৈছে যে ইংৰাজ ভাৰতলৈ অহাৰ আগতে দেশত মোগলৰ শাসন চলি আছিল। গতিকে মোহন ভাগৱতে এই কথা মানি লৈছে নেকি যে মোগলৰ দিনত ভাৰতৰ শিক্ষা ব্যৱস্থা উন্নত আছিল।

হাৰিয়ানাৰ কৰ্ণালত এখন চিকিৎসালয় উদ্বোধন অনুষ্ঠানত ভাষণ দি ভাগৱতে কৈছিল যে, “সেই সময়ত ভাৰত আৰু ইংলেণ্ডত সাক্ষৰতাৰ হাৰ ক্ৰমে ৭০ আৰু ১৭ শতাংশ আছিল। সেই সময়ত ভাৰতত কোনো ব্যক্তি নিবনুৱা নাছিল। কিন্তু ইংৰাজে আহি নিজৰ শিক্ষা ব্যৱস্থা আমাৰ ওপৰত জাপি দিলে আৰু আমাৰ শিক্ষা ব্যৱস্থা নিজৰ দেশত প্ৰয়োগ কৰিলে। ফলত ব্ৰিটেইনৰ ৭০ শতাংশ লোক সাক্ষৰ হৈ উঠিল।”

এই মন্তব্যৰ পিছত কংগ্ৰেছ দলৰ মুখপাত্ৰ সুপ্ৰিয়া শৃন্তে কটুক্তিৰে কলে, “ভাগৱতে কি কলে! ইংৰাজ শাসনৰ আগতে ভাৰতত মোগল শাসন আছিল। ভাগৱতে মোগলক প্ৰশংসা কৰিলে ভক্তসকল হতাশ আৰু অস্বস্তিত পৰে।

Related News