NORTHEAST NOW (Assamese)

ইচ্ছা মৃত্যু : স্বৰ্ণ বিজয়ী পেৰা-অলিম্পিয়ানৰ জীৱন ত্যাগ

October 23, 2019 6:25 pm · এন ই নাও নিউজ

মঙলবাৰে বেলজিয়ামৰ চেম্পিয়ন পেৰা-অলিম্পিয়ান মৰিকি ভাৰভুৰ্টে ইচ্ছা মৃত্যুৰ জৰিয়তে নিজৰ জীৱন ত্যাগ কৰে। বেলজিয়ামৰ সংবাদ মাধ্যমে এই কথা প্ৰকাশ কৰিছে।

ইচ্ছা মৃত্যু বেলজিয়ামত বৈধ আৰু ২০১৬ৰ ৰিঅ’ অলিম্পিকৰ পিছতেই এথলীট গৰাকীয়ে এক ঘোষণাৰ জৰিয়তে কৈছিল যে যদি বেমাৰৰ বাবে তেওঁৰ শাৰিৰীক অৱস্থা অধিক বেয়াৰ ফালে গতি কৰে তেন্তে তেওঁ ইচ্ছা মৃত্যুৰ সিদ্ধান্ত ল’ব।

অৱশ্যে মৰিকীয়ে সেই সময়ত খেলেই তেওঁক জীয়াই থকাৰ অনুপ্ৰেৰণা বুলি মন্তব্য কৰিছিল। ২০১৬ৰ পেৰা অলিম্পিকৰ সময়ত সংবাদ মেলত কৈছিল, ‘এতিয়াও মই প্ৰতিটো মূহুৰ্তৰ আমেজ লওঁ। যেতিয়া ভাল দিনৰ বিপৰীতে অধিক বেয়া দিন আহিব, তেতিয়া ইচ্ছা মৃত্যু লম। কিন্তু এতিয়া সেই সময় আহি পৰা নাই’।

দীৰ্ঘদিনৰ পৰাই মৰিকীয়ে গভীৰ মাংস পেশীৰ সমস্যাত ভুগি আছিল। অত্যন্ত বিষ আৰু ভৰি বিকল হৈ পৰাৰ লগে লগে তেওঁ শুৱাৰ সময়তো অত্যন্ত কষ্ট পাইছিল।

বেমাৰৰ বিষয়ে মৰিকীয়ে ১৪ বছৰ বয়সতে জানিব পাৰিছিল। তেতিয়াৰ পৰাই তেওঁ ক্ৰীড়াক জীৱন হিচাপে লৈ হুইল চেয়াৰত বাস্কেটবল, ট্ৰাইথলন আৰু সাঁতোৰত অংশ লয়।

তেওঁ ২০১২ লণ্ডন পেৰা অলিম্পিকত ১০০ মিটাৰত স্বৰ্ণ আৰু ২০০ মিটাৰত ৰূপৰ পদক অৰ্জন কৰে। তাৰ পিছত তেওঁ পুনৰ ২০১৬ ৰিঅ’ গেইমছত ৪০০ মিটাৰত ৰূপ আৰু ১০০ মিটাৰত ব্ৰঞ্জৰ মেডেল অৰ্জন কৰিবলৈ সক্ষম হয়।

২০১৬ ৰিঅ’ গেইমছৰ সময়ত মৰিকীৰ চকুৰ ৰশ্মি কমা আৰম্ভ হোৱাৰ লগতে মৃগী বেমাৰতো ভুগিছিল। সেয়ে ৰিঅ’ পেৰা অলিম্পিক তেওঁৰ কেৰিয়াৰৰ অন্তিম প্ৰতিযোগিতা বুলি ঘোষণা কৰিছিল।

উল্লেখ্য যে মৰিকীয়ে ২০০৮ চনতে ইচ্ছা মৃত্যু সম্পৰ্কীয় নথিত চহী কৰি থৈছিল। তেওঁ কৈছিল যে যদিহে ইচ্ছা মৃত্যু সম্পৰ্কীয় নথি সাজু হৈ নাথাকিলেহেতেন তেন্তে তেওঁ বহু আগতেই আত্মহত্যা কৰিলোহেতেন। কিয়নো ইমান দুখ-দুৰ্দশাৰে জীয়াই থাকিব নোৱাৰি।

Related News