ইংলেণ্ডৰ নতুন টেষ্ট অধিনায়কৰ দায়িত্বত বেন ষ্টোকছ

ইংলেণ্ড টেষ্ট দলৰ নতুন অধিনায়ক হিচাপে বেন ষ্টোকছক দায়িত্ব অৰ্পণ কৰা হৈছে। ইংলেণ্ড ক্ৰিকেট বোৰ্ডে বৃহস্পতিবাৰে তেওঁক অধিনায়ক হিচাপে নিৰ্বাচিত কৰি নিযুক্তি দিয়ে।

ইংলেণ্ডৰ দলৰ অলৰাউণ্ডাৰ ৩০ বছৰীয়া বেন ষ্টোকছে ৭৯খন টেষ্ট খেলি পাঁচ হাজাৰ ৰাণ কৰাৰ লগতে ১৭৪টা উইকেট দখল কৰিছে।

ইয়াৰ পূৰ্বে ষ্টোকছে দুবাৰকৈ ইংলেণ্ড দলৰ সহ অধিনায়কৰ দায়িত্ব পালন কৰিছে।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীৰ সভাকলৈ এফালে সকলো ব্যস্ত, আনফালে মোদী মুৰ্দাবাদ ধ্বনিত কঁপিল বৰপেটা

জো ৰুটে অধিনায়ক হিচাপে পদত্যাগ কৰাৰ পিছত ইংলেণ্ডৰ কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে ষ্টোকছক অধিনায়কত্ব দিয়াৰ পৰামৰ্শ আগবঢ়াইছিল।

শেহতীয়াকৈ জো ৰুটৰ নেতৃত্বত ইংলেণ্ড দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এছেজ শৃংখলাত ০-৪ ব্যৱধানত পৰাজিত হোৱাৰ লগতে শোচনীয় প্ৰদৰ্শনৰ পিছতে নেতৃত্ব পৰিৱৰ্তনৰ সিদ্ধান্ত লোৱা হয়।

বৰ্তমান আইচিচিৰ এষ্ট চেম্পিয়নশ্বিপৰ পইন্ট তালিকাত ইংলেণ্ডৰ স্থান একেবাৰে তলত আছে।

বেন ষ্টোকছৰ ২০১৩ চনৰ ডিচেম্বৰত টেষ্ট ক্ৰিকেটত অভিষেক ঘটিছিল। দেশৰ হৈ ৭৯খন টেষ্ট খেলা ডাৰহামৰ তাৰকাগৰাকীয়ে গড়ে ৩৫.৮৯ কৈ মুঠ ৫,০৬১ টেষ্ট ৰাণ সংগ্ৰহ কৰিছে।