সুস্থ, নিৰোগী দেহৰ আধাৰ হ’ব পাৰে ঘিঁউ! জানেনে ঘিঁউৰ উপকাৰিতা

Benefits Of Ghee

এক সুস্থ, সবল তথা নিৰোগী শৰীৰৰ ক্ষেত্ৰত খাদ্যৰ থাকে মুখ্য ভূমিকা। আমি খোৱা খাদ্যৰ ওপৰতে প্ৰধানতঃ নিৰ্ভৰশীল আমাৰ সামগ্ৰিক স্বাস্থ্য। গুণগত এনে খাদ্যৰ ভিতৰত ঘিঁউ অন্যতম।

খাদ্যত ঘিঁউৰ উপস্থিতিয়ে আমাক বিভিন্ন স্বাস্থ্য উপকাৰিতা সাধন কৰে। ঘিঁউত কেলৰিৰ পৰিমাণ বেছি হ’লেও ই স্বাস্থ্যৰ বিভিন্ন উপকাৰো সাধে। ঘিঁউৰ এনে কিছু স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহকঃ

১/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

ঘিঁউত প্ৰচুৰ পৰিমাণে বিউটিৰিক এচিড থাকে। ই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কোষৰ উৎপাদনত কৰাত সহায় কৰে তথা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

২/ পাচনতন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি কৰে

ঘিঁউত অধিক পৰিমাণে ফেটি এচিড থাকে, যি শক্তিৰ উৎস হিচাপে কাম কৰাৰ লগতে বিপাকীয় ক্ৰিয়াত সহায় কৰে। এই ফেটি এচিডে পাচন শক্তি উন্নত কৰে, যাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা যেনে পেট ফুলা আৰু কোষ্ঠকাঠিন্য হ্ৰাস পায়।

৩/ গাঁঠিৰ বিষ উপশম কৰে

ঘিঁউত এন্টি-ইনফ্লেমেটৰী যৌগ থাকে, যি গাঁঠিৰ প্ৰদাহ কমোৱাত সহায় কৰে আৰু বাতবিষ নিৰাময় কৰে।

৪/ ওজন কমোৱাত সহায় কৰে

কেলৰি বেছি হ’লেও ঘিঁউত স্বাস্থ্যকৰ চৰ্বি থাকে, যি ওজন কমোৱাত সহায় কৰে।

৫/ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে

মগজুৰ স্বাস্থ্য আৰু জ্ঞানশক্তিৰ বাবে অপৰিহাৰ্য ওমেগা-৩ ফেটি এচিডৰ সমৃদ্ধ উৎস ঘিঁউ। এই ফেটি এচিডবোৰে স্নায়ুক সুৰক্ষা দিয়ে, স্মৃতিশক্তি উন্নত কৰে আৰু মগজুৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰে।

৬/ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে

ঘিঁউত ওমেগা-৩ আৰু ওমেগা-৬ ফেটি এচিড সুষম অনুপাতত উপলব্ধ, সেয়ে ই হৃদযন্ত্ৰৰ বাবে উপযোগী। নিয়মিত পৰিমাণে ঘিঁউ সেৱনে অপকাৰী কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে, হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনাও কম কৰিব পাৰে।

৭/ হৰম’নৰ ভাৰসাম্যতা

ঘিঁউত থকা ভিটামিন এ আৰু আয়’ডিন সুস্থ হৰম’ন উৎপাদন আৰু ভাৰসাম্য বজাই ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ঘিঁউৱে হৰম’নৰ ভাৰসাম্যহীনতাৰ লক্ষণ যেনে অনিয়মিত মাহেকীয়া আদি নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।

৮/ সামগ্ৰিক শক্তি আৰু সজীৱতা বৃদ্ধি কৰে

ঘিঁউত অধিক চৰ্বিৰ পৰিমাণ থকাৰ বাবে ই শক্তিৰ এক ঘনীভূত উৎস। ই দেহত শক্তি বৃদ্ধি কৰি ক্লান্তি দূৰ কৰাত সহায় কৰে, ষ্টেমিনা বৃদ্ধি কৰে আৰু সামগ্ৰিক সজীৱতা বৃদ্ধি কৰে।