Benefits of honey মৌ ৰসৰ কিছু উপকাৰিতাৰ বিষয়ে জানো আহক

ঔষধ হিচাপে মৌৰসৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰে চলি আহিছে৷ ভাৰতীয় আয়ুৰ্বেদতো মৌৰসৰ ঔষধি গুণ আৰু তত্ত্বৰ বিষয়ে শুনি আছিছো ৷ মৌৰসক ইংৰাজীত Honey বুলি কোৱা৷ মৌৰস মৌমাখিৰ পৰাগৰেণু আৰু মৌ মাখিয়ে ফুলৰ পৰা সংগ্ৰহ কৰা ৰসৰ এক দীৰ্ঘ প্ৰক্ৰিয়াৰ অন্তত প্ৰস্তুত হয়৷

মৌৰসৰ নিয়মিত ব্যৱহাৰ আমাৰ মানৱ শৰীৰৰ বাবে অতি উপকাৰী কিন্তু মৌৰস খাদ্য হিচাপে ব্যৱহাৰ কৰাতকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰাটো বেছি উত্তম বুলি কব পাৰি। মৌৰস ব্যৱহাৰ কৰাৰ আগতে নিশ্চিত কৰি ল’ব যে মৌৰসখিনি খোৱাৰ বাবে সম্পূর্ণ উপযোগী।

মৌৰসৰ উপকাৰিতাৰ বিষয়ে জানো আহক:-

১) কাঁহ হলে মৌৰ ৰস খাব লাগে –
যদি আপোনাৰ বহুদিন কাঁহ হৈ আছে আৰু আপুনি ভাল পোৱা নাই তেনেস্থলত মৌৰস তুলসী পাতৰ ৰসৰ লগত সেৱন কৰিলে যথেষ্ট সুফল পোৱা যায়। মৌৰসত থকা এণ্টিবেক্টেৰিয়েল গুণে সক্ৰমণক ৰোধ কৰাৰ লগতে ডিঙিত জমা হৈ থকা কফ নোহোৱা কৰে ৷

ইয়াৰ বাবে আপুনি ৰাতি শুৱাৰ আগত এগিলাচ গৰম পানীত দুচামুচ মৌৰস মিহলাই খাব লাগে নাইবা মৌৰসৰ লগত আদা মিহলাও খাব পাৰে।

২) কাটিলে বা পুৰিলে –
শৰীৰৰ কোনোবা অংশত কাটিলে নাইবা জ্বলা-পোৰা কৰিলে সেই অংশত মৌৰস লগালে সুফল পোৱা যায়। মৌৰসত থকা এণ্টিচেপ্তিক গুণে ছালৰ কটা অংশক সোনকালে শুকুৱাত সহায় কৰে আৰু সংক্ৰমণৰ পৰা বচায়।

৩) ওজন কমোৱাত সহায় কৰে –
শৰীৰৰ অতিৰিক্ত ওজন ৰোধ তথা কমাবলৈ হ’লে মৌৰসৰ নিয়মিত ব্যৱহাৰ কৰিব লাগে। মৌৰস সেৱনৰ ফলত শৰীৰৰ কলেষ্টল মাত্রা কম বা নিয়ন্ত্ৰণ কৰি ৰাখে। ওজন কমাবলৈ আপুনি নিতৌ এগিলাচ কুহুমীয়া গৰম পানীৰ লগত এচামুচ মৌৰস আৰু এচামুচমান নেমু ৰস মিহলাই সেৱন কৰিলে নিশ্চয় সুফল লাভ কৰিব।

৪) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে –
মৌৰসত যথেষ্ট পৰিমানৰ এণ্টিঅক্সিডেণ্ট থাকে যি আমাৰ হৃদয়ৰ বাবে অতি উপযোগী। হৃদযন্ত্রৰ লগত জড়িত বহুধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰাত মৌৰসে যথেষ্ট সহায় কৰে লগতে ই আমাৰ প্রতিৰোধ প্ৰক্ৰিয়াটোক সুস্থ সবল কৰি ৰাখে। হজম শক্তি বঢ়াবলৈ নিতৌ দুচামুচ মৌৰস এগিলাচ গাখীৰৰ লগত সেৱন কৰিলে সুফল পোৱা যায়।

ইয়াৰ উপৰি মৌৰস আমি চুলি মজবুত কৰিবলৈ, কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিবলৈ, ঘাঁ শুকাবলৈ আদি বিভিন্ন সমস্যাৰ বাবে সেৱন কৰিব পাৰোঁ।

মৌৰস এই সকল লোকে সেৱন কৰিব নালাগে?

এবছৰতকৈ কম বয়সৰ শিশুক খাবলৈ দিব নালাগে। যদি খুৱাবও বিচাৰে ডাক্তৰৰ পৰামৰ্শ লৈহে খুৱাব লাগে।
মধুমেহ ৰোগী তথা চুগাৰ লেবেল অনিয়ন্ত্ৰণত থকা লোকে মৌৰস সেৱন কৰিব নালাগে।

যদি কোনো উচ্চ ৰক্তচাপ থকা লোকে আগৰে পৰা antihypertensive medicine ব্যৱহাৰ কৰি আছে তেন্তে নিতৌ বা প্ৰয়োজনাধিক মৌৰস সেৱন কৰা অনুচিত।