ডলাৰ নোটৰ প্ৰিণ্টআউট লগত নিয়াই হ’ল কাল! নেপালত কাৰাগাৰত দিন কটাইছে পশ্চিম বংগৰ যুৱকে

Bengal youth jailed in Nepal

কোনো নতুন ঠাই ভ্ৰমণ কৰাৰ এক দুৰ্বাহ হাবিয়াস সাধাৰণতেই সকলোতে থাকে। নেদেখা ঠাই চোৱাৰ, নতুন ঠাইৰ নতুন কথা শিকাৰ এই হাবিয়াসৰ বাবে ভ্ৰমণবিলাসী হৈ পৰে বহু লোক। এনে হাবিয়াসৰ বাবেই নেপাল ভ্ৰমণ কৰিছিল পশ্চিম বংগৰ এজন যুৱকে।

কিন্তু যুৱকজনৰ এই নেপাল ভ্ৰমণ সুখকৰ নহ’ল যুৱকজনৰ বাবে। নেপালৰ কাৰাগাৰৰ বন্ধ কুঠৰীত এতিয়া দিন কটাবলগীয়া হৈছে এই যুৱকজনে। পেছাত ফটোগ্ৰাফাৰ এই যুৱকজনে লগত আমেৰিকান ডলাৰৰ নোটৰ প্ৰিণ্টআউট নিয়াৰ অভিযোগত কাৰাবাস খাটিবলগীয়া হৈছে।

পশ্চিম বংগৰ হাওৰা জিলাৰ ছালকিয়াৰ বাসিন্দা দুৰ্লভ ৰয় চৌধুৰী নামৰ এই যুৱকজন ২৪ নৱেম্বৰৰ পৰা নেপালত কাৰাবন্দী হৈ আছে। যুৱকজনে জানিবলৈ দিয়া মতে তেওঁৰ এখন চুটি ছবিৰ দৃশ্যায়নৰ বাবে ডলাৰ নোটৰ প্ৰিণ্টআউটখিনি লগত নিছিল।

যুৱকজনে কয় যে নেপাল যাত্ৰাৰ সময়ত প্ৰতিটো চেকপইণ্টতে তেওঁ নিৰাপত্তাকৰ্মী সকলক এই নোটসমূহ দেখুৱাই তেওঁৰ উদ্দেশ্য জানিবলৈ দিছিল আৰু তেওঁলোকেও কোনো বাধা প্ৰদান নকৰি অনুমতি দিছিল। কিন্তু চন্দ্ৰগড়ী বিমানবন্দৰত কৰ্তৃপক্ষই তেওঁক এটা কাৰ্যালয়লৈ প্ৰেৰণ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁক আৰক্ষীয়ে আটক কৰে।

দুৰ্লভ ৰয় নামৰ যুৱকজনে লগতে তেওঁক কাৰাগাৰৰ প্ৰাথমিক সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে বুলিও অভিযোগ কৰিছে। তেওঁ লগতে কয় যে ২৪ নৱেম্বৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁ ২০ দিন পৰ্যন্ত আৰক্ষীৰ অত্যাচাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল।

“মোক নেপালী আৰক্ষীয়ে জন্তুৰ দৰে ব্যৱহাৰ কৰিছে। তেওঁলোকে মোক কেইবা সপ্তাহ ধৰি ভাৰতত থকা মোৰ মাক ফোন কৰিবলৈ বা আন কাৰো সৈতে কথা পাতিবলৈ অনুমতি দিয়া নাছিল। প্ৰথম কেইসপ্তাহমান মোক ইনহেলাৰ ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল। ফলত মোৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। তাৰ পিছতহে তেওঁলোক মোৰ প্ৰতি সদয় হৈছিল।”- যুৱকজনে লগতে কয়।

আনহাতে ভাষাৰ ক্ষেত্ৰতো এক সমস্যাৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি যুৱকজনে কয় যে তেওঁ আৰক্ষীক সকলো নথিপত্ৰ পৰীক্ষা কৰিবলৈ দিয়াৰ পিছতো আৰক্ষীয়ে একো বুজি পোৱা নাছিল।তদুপৰি আৰক্ষীয়ে তেওঁক কোনো বুজিব নোৱাৰা ভাষাত লিখা কাগজত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰিছে বুলিও ৰয় চৌধুৰীয়ে অভিযোগ কৰিছে।

নেপালত থকা ভাৰতীয় দূতাবাসৰ পৰা সহায়ৰ আশাত যুৱকজনে কেইবাবাৰো যোগাযোগ কৰিছে যদিও এজন অধিবক্তাৰ যোগাৰ কৰি দিয়াৰ বাদে আন কোনো সহায় লাভ কৰা নাই বুলি তেওঁ ক্ষোভ উজাৰে।

উল্লেখ্য যে যুৱকজনৰ গোচৰ সন্দৰ্ভত আদালতত আজি শুনানি হ’ব। নিজকে নিৰ্দোষী আৰু কোনো অবৈধ কাম কৰা নাই বুলি দাবী কৰি মুক্তিৰ আশা কৰিছে দুৰ্লভ ৰয় চৌধুৰীয়ে।