NORTHEAST NOW (Assamese)

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am · এন ই নাও নিউজ. গুৱাহাটী
Updated: July 15, 2026 9:14 pm

শীত, গ্ৰীষ্ম বা বৰ্ষা যিকোনো ঋতুতেই মানৱ শৰীৰ জলশূন্যতাৰ সমস্যালৈ গতি কৰিব পাৰে। সেয়েহে শৰীৰ সুস্থিৰ কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাৰ কোনো বিকল্প নাই। চিকিৎসক আৰু পুষ্টিবিদসকলে প্ৰতিদিনে দুইৰ পৰা তিনি লিটাৰ পানী খোৱাৰ পৰামৰ্শ দিয়ে যদিও কেৱল পানীৰ পৰিমাণেই যথেষ্ট নহয় বুলি শেহতীয়াকৈ মত প্ৰকাশ কৰিছে। পানী খোৱাৰ সময় আৰু পদ্ধতিয়েও শৰীৰৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়। সেয়েহে এক সুস্থ শৰীৰৰ বাবে দিনটোৰ কোনটো সময়ত আৰু কেনেকৈ পানী খাব লাগে, সেই সম্পৰ্কে পুষ্টিবিদসকলে বিশেষ নিৰ্দেশনা আগবঢ়াইছে।

 

পুষ্টিবিদসকলৰ মতে, দিনটোৰ আৰম্ভণিতে অৰ্থাৎ ৰাতিপুৱা শুই উঠাৰ পাছত স্বাভাৱিক উষ্ণতাৰ পানীৰ পৰিৱৰ্তে প্ৰায় দুশ মিলিলিটাৰ সামান্য গৰম পানী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াৰ ফলত অন্ত্ৰ লাহে লাহে সক্ৰিয় হ’বলৈ আৰম্ভ কৰে। বিপৰীতে পুৱা ঠাণ্ডা পানী খালে পাচন প্ৰক্ৰিয়াৰ স্বাভাৱিক গতি লেহেমীয়া হোৱাৰ সম্ভাৱনা থাকে। বিপাকীয় ক্ৰিয়া সক্ৰিয় কৰি ৰাখিবলৈ এই সামান্য গৰম পানীৰ সৈতে অকনমান আদা, সৈন্ধৱ লোণ আৰু এচিকুট দালচেনি মিহলাই ল’ব পাৰি। আনহাতে, আহাৰ গ্ৰহণৰ ক্ষেত্ৰতো পানী খোৱাৰ নিৰ্দিষ্ট নিয়ম মানি চলাটো আৱশ্যক। পৰামৰ্শ অনুসৰি, আহাৰ খোৱাৰ আধা ঘণ্টা পূৰ্বে এগিলাচ আৰু খোৱাৰ এঘণ্টা পাছত পুনৰ এগিলাচ পানী খাব লাগে। আহাৰ গ্ৰহণ কৰি থকাৰ সময়ত পানী খালে খাদ্য হজম হোৱাত সমস্যা হোৱাৰ লগতে পেট ফুলাৰ দৰে সমস্যাই দেখা দিব পাৰে।

 

দিনটোৰ ভিতৰত খাবলগীয়া নিৰ্দিষ্ট পৰিমাণৰ পানী একেবাৰতে খোৱাৰ পৰিৱৰ্তে লাহে লাহে শোহা মাৰি খোৱাৰ পৰামৰ্শ দিয়া হৈছে। বিয়লিৰ ভিতৰত প্ৰায় ডেৰ লিটাৰ পানী খাই শেষ কৰাটো স্বাস্থ্যৰ বাবে ভাল আৰু সূৰ্যাস্তৰ পূৰ্বে অতিৰিক্ত প্ৰায় আধা লিটাৰ পানী খাব পাৰি। ইয়াৰ পাছত পিয়াহ লাগিলে কম কম পৰিমাণে পানী খালেই যথেষ্ট। একেদৰে, নিশা শুৱলৈ যোৱাৰ ঠিক পূৰ্বে অত্যধিক পানী খোৱাটো অনুচিত। পুষ্টিবিদসকলৰ মতে, নিৰৱচ্ছিন্ন টোপনিৰ বাবে নিশা শোৱাৰ আগত আধা গিলাচতকৈ অধিক পানী খোৱা অনুচিত। অন্যথা নিশা ঘনে ঘনে সাৰ পোৱাৰ সম্ভাৱনা থাকে, যিয়ে টোপনিত ব্যাঘাত জন্মায়।

 

সামগ্ৰিকভাৱে, শৰীৰক জলশূন্যতাৰ পৰা ৰক্ষা কৰিবলৈ কেৱল পানী খোৱাই নহয়, সঠিক সময়ত আৰু সঠিক পদ্ধতিৰে পানী গ্ৰহণ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। পুষ্টিবিদসকলৰ এই নিৰ্দেশনাসমূহ দৈনন্দিন জীৱনত মানি চলিলে পাচন তন্ত্ৰ সক্ৰিয় হৈ থকাৰ লগতে শৰীৰৰ সামগ্ৰিক সুস্থতা বজাই ৰখাত সহায়ক হ’ব বুলি আশা কৰা হৈছে।

Related News