ডিফুৰ খাদ্য বিষক্ৰিয়া : ১ জন আক্ৰান্তৰ মৃত্যু, আক্ৰান্তৰ সংখ্যা বৃদ্ধি ১৭৫ লৈ বৃদ্ধি

Diphu-Medical-College-Hospital-750x375

কাৰবি আংলং জিলাৰ ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানত সংঘটিত খাদ্য বিষক্ৰিয়াৰ ফলত এজন লোকৰ মৃত্যু হৈছে।

বুধবাৰে কাংবুৰা বে’ নামৰ খাদ্য বিষক্ৰিয়াত আক্ৰান্ত লোকজন ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

বুধবাৰলৈ খাদ্য বিষক্ৰিয়াত আক্ৰান্ত লোকৰ সংখ্যা আৰু বৃদ্ধি পাইছে। বিভাগীয় সূত্ৰ অনুসৰি বুধবাৰলৈ আক্ৰান্তৰ সংখ্যা ১৭৫ গৰাকীলৈ বৃদ্ধি হৈছে।

ইয়াৰে ১৪৫ গৰাকী আক্ৰান্ত বৰ্তমানেও ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয় চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩০ গৰাকী আক্ৰান্তক বুধবাৰে ঘৰলৈ যাবলৈ দিয়া হৈছে।

বুধবাৰে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰাংহাঙে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উপস্থিতি হৈ খাদ্য বিষক্ৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকসকলৰ স্বাস্থ্যৰ বুজ লয়।

“চিকিৎসকসকলে আক্ৰান্তসকলক উৎকৃষ্ট স্বাস্থ্য সেৱা আগবঢ়াইছে। আক্ৰান্তসকলেও চিকিৎসকসকলক সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে। আক্ৰান্তসকলৰ চিকিৎসা বিনামূলীয়া কৰা হৈছে আৰু পৰিষদৰ তৰফৰ পৰা তেওঁলোকক কম্বল আদি বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে। ইতিমধ্যে খাদ্যৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছে। ঘটনাটোত জড়িতসকলক আইন মতে শাস্তি বিহিবলৈ নিৰ্দেশ দিয়া হৈছে।” মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে সংবাদ মাধ্যমৰ আগত কয়।

উল্লেখ্য যে যোৱা মংগলবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ শুভ উদ্বোধন কৰিছিল।

উক্ত শুভ উদ্বোধনী অনুষ্ঠানত বিতৰণ কৰাৰ খাদ্য ভক্ষণ কৰি শিশুসহ ১৭৫ জনৰো অধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হৈছিল।

খাদ্য বিষক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে আক্ৰান্তসকলক ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।