NORTHEAST NOW (Assamese)

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত আন এগৰাকী অসম কন্যাৰ সাফল্য : বক্সিঙত স্বৰ্ণ জয় ভাগ্যৱতী কছাৰীৰ

September 16, 2018 3:19 pm · এন ই নাও নিউজ
Updated: September 16, 2018 3:26 pm
বক্সাৰ ভাগ্যৱতী কছাৰীৰ ফাইল ফটো

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত আৰু এগৰাকী অসম কন্যাই আঁজুৰি আনিলে অনন্য কৃতিত্ব। ৰচিলে স্বৰ্ণিল ইতিহাস। আন্তঃৰাষ্ট্ৰীয় বক্সিঙত স্বৰ্ণ জয়েৰে এই সফলতা কঢ়িয়াই অনা খেলুৱৈগৰাকী হ’ল ভাগ্যৱতী কছাৰী।

ইস্তানবুলত অনুষ্ঠিত আহমেট কমাৰ্ট বক্সিঙত দেওবাৰে ভাগ্যৱতী কছাৰীয়ে স্বৰ্ণপদক জয় কৰে। প্ৰতিযোগিতাখনত প্ৰতিপক্ষ তুৰস্কৰ বক্সাৰগৰাকীক পৰাজিত কৰি ভাগ্যৱতীয়ে এই স্বৰ্ণপদক অৰ্জন কৰে।

তুৰ্কীৰ ইস্তানবুলত অনুষ্ঠিত ৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাখনৰ মহিলাৰ ৮১ কেজি শাখাত ভাগ্যৱতী কছাৰীয়ে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

ভাগ্যৱতী কছাৰীয়ে লগতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বক্সাৰৰ সন্মানো লাভ কৰে। তেওঁক  ‘বে’ষ্ট টেকনিকেল বক্সাৰ এৱাৰ্ড’ বঁটা দিয়া হয়। ভাগ্যৱতীক প্ৰতিযোগিতাখনৰ আটাইতকৈ বিজ্ঞানসন্মত প্ৰণালীৰ বক্সাৰ ( most scientific boxer) হিচাপে ঘোষণা কৰা হয়।

ভাগ্যৱতী কছাৰীৰ এই সফলতাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইট যোগে অভিনন্দন জনায়। মহিলাৰ আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ ৮১ কেজি শাখাত স্বৰ্ণ জয় কৰা অসমৰ বক্সাৰগৰাকীক মুখ্য মন্ত্ৰীয়ে স্বৰ্ণ জয়ৰ পিছত লগে লগেই অভিনন্দন জনায়।

উল্লেখযোগ্য যে প্ৰতিযোগিতাখনত ভাৰতৰ আৰু দুগৰাকী মহিলা বক্সাৰ ছিমৰনজিৎ কৌৰ(৬৪ কেজি) আৰু মনিকা (৪৮ কেজি)ইয়ো স্বৰ্ণ পদক লাভ কৰিছে।

Related News