মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে কংগ্ৰেছৰ প্ৰতিবাদ; স্তব্ধ জনজীৱন

10-09-18 Guwahati- Bharat Bandh (3) (1)

পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আজি আহ্বান দিয়া ভাৰত বন্ধৰ ৰাজ্যৰ বিভিন্ন ঠাইত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হয়।

কলিয়াবৰ

পেট্ৰল, ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলে আহ্বান জনোৱা ভাৰত বন্ধৰ কলিয়াবৰতো সৰ্বাত্মক প্ৰভাব পৰে।

বন্ধৰ সময়চোৱাত কলিয়াবৰত স্বাভাৱিক জীৱনযাত্ৰা সম্পূৰ্ণ ব্যাহত হৈ পৰে। বন্ধৰ সমৰ্থকসকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে যাতায়ত কৰা যান-বাহনৰ চলাচলত বাধা প্ৰদান কৰাৰ লগতে কলিয়াবৰৰ সকলো দোকান-পোহাৰ বন্ধ কৰিবলৈ দাবী জনায়।

ইয়াৰ উপৰিও কলিয়াবৰ তিনিআলিত কংগ্ৰেছীৰ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে যদিও কলিয়াবৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দিনবন্ধু ভূঞাৰ নেতৃত্বত অৰ্ধসামৰিক বাহিনী আৰু কলিয়াবৰ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে যাতায়াতৰ চলাচল পুনৰ আৰম্ভ কৰে।

বঙাইগাঁও

পেট্ৰ’ল জাতীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছে আহ্বান জনোৱা ১২ ঘণ্টীয়া ভাৰত বন্ধৰ প্ৰভাৱ বঙাইগাঁও জিলাৰ কোকিলা, শৌলমাৰী, নাম্বাৰপাৰা আদি সকলোতে পৰা পৰিলক্ষিত হয়।

বন্ধৰ সময়ছোৱাত বঙাইগাঁও জিলাত দোকান পোহাৰ তথা যান-বাহনৰ চলাচল বন্ধ থাকে। মাণিকপুৰ, সৃজনগ্ৰাম, বৈঠামাৰী, আৰু টাপাট্টাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বন্ধ সমৰ্থক সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

তদুপৰি ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰিয়ে বিজেপিক সমালোচনা কৰি কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পেট্ৰল, ডিজেল, আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিবলৈ ব্যৰ্থ হৈছে, সেয়েহে এই চৰকাৰে গাদী এৰিব লাগে।

হোজাই

দেশৰ অন্যান্য ঠাইৰ লগতে হোজাইতো কংগ্ৰেছে আহ্বান জনোৱা ১২ ঘণ্টীয়া ভাৰত বন্ধৰ প্ৰভাৱ পৰে। ইয়াৰ ফলত জিলাৰ স্বাভাৱিক জীৱনযাত্ৰা আংশিক ভাৱে ব্যাহত হৈ পৰে।

বন্ধৰ সময়ছোৱাত স্কুল-কলেজ, দোকান-পোহাৰ, বেংক, কাৰ্যালয় আদি বন্ধ থকাৰ লগতে যান-বাহনৰ চলাচল একেবাৰে সেৰেঙা হৈ পৰে।

আনহাতে হোজাই নগৰত বিজেপি আৰু কংগ্ৰেছী সমৰ্থকৰ মাজত নগৰখনৰ দোকান-পোহাৰ বন্ধ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হতাহতিক লৈ নেতাজী পইণ্টত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰাক্তন মন্ত্ৰী তথা হোজাই জিলা কংগ্ৰেছৰ কমিটিৰ সভাপতি ড০ অৰ্ধেন্দু কুমাৰ দে’ক হোজাই আৰক্ষীয়ে কিছু সময়ৰ বাবে আটক কৰি ৰাখে।

অৱশ্যে সহকাৰী আৰক্ষী অধীক্ষক অগজৱাৰন বসুমতাৰি আৰু ভাৰপ্ৰাপ্ত বিষয়া কিতেশ্বৰ বনিয়াই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।