আমেৰিকাৰ বজাৰৰ বাবে কোভাক্সিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ভাৰত বায়োটেক আৰু অ’কুজেনৰ বুজাবুজি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বজাৰৰ বাবে ক’ৰ’না ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত চুক্তি স্বাক্ষৰ কৰিছে ভাৰত বায়োটেক আৰু মাৰ্কিন ফাৰ্ম অ’কুজেনে।

ভাৰত বায়োটেক আৰু অ’কুজেনে আমেৰিকাৰ বজাৰৰ বাবে ভাৰত বায়োটেক আৰু আই চি এম আৰে প্ৰস্তুত কৰি উলিওৱা কোভাক্সিন ভেকচিনৰ বিকাশৰ ক্ষেত্ৰত এই চুক্তি স্বাক্ষৰিত কৰিছে।

দুয়োটা কোম্পানীয়ে ইতিমধ্যে ইতিমধ্যে এই ক্ষেত্ৰত বিস্তৰভাৱে পৰিকল্পনা গ্ৰহণ কৰিছে আৰু কিছুদিনৰ ভিতৰত নিৰ্দিষ্ট চুক্তি সম্পাদিত কৰিব বুলি উল্লেখ কৰে।

আই চি এম আৰ আৰু ভাৰত বায়োটেকে প্ৰস্তুত কৰি উলিওৱা ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী  ‘কোভাক্সিন’ৰ তৃতীয় পৰ্যায়ৰ মানৱ দেহত পৰীক্ষণ বিগত নৱেম্বৰ মাহত ভাৰতত আৰম্ভ হৈছিল।

সম্পুৰ্ণ থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা কোভাক্সিনক লৈ ভাৰত চৰকাৰৰ তৰফৰ পৰাও যথেষ্ট উৎসাহ দেখুওৱা হৈছিল।

ইতিমধ্যে ভাৰত বায়োটেকে দেশত কোভাক্সিনৰ জৰুৰী ব্যৱহাৰৰ অনুমোদন বিচাৰি ড্ৰাগছ কন্ট্ৰোলাৰ জেনেৰেল অফ ইণ্ডিয়ালৈ আহ্বান প্ৰেৰণ কৰিছে।