NORTHEAST NOW (Assamese)

লঙ্কেশ পৰিয়ালৰ পিছত এইবাৰ ভেমুলা পৰিয়াল: ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীক সংগ দিলে ৰোহিত ভেমুলাৰ মাতৃয়ে

November 2, 2022 9:16 am · এন ই নাও নিউজ, গুৱাহাটী

আভ্যন্তৰীণ কন্দল আৰু জনসাধাৰণৰ মাজত ক্ৰমশ: হেৰুৱাই পেলোৱা সমৰ্থনৰ ফলশ্ৰুতিত ভাৰতীয় ৰাজনীতিত আশ্চৰ্যজনকভাৱে দুৰ্বল হৈ পৰা এসময়ৰ প্ৰতিপত্তিশীল ভাৰতীয় জাতীয় কংগ্ৰেছে এই বিপৰ্যয়ৰ পৰা মুক্ত হৈ দেশীয় ৰাজনীতিত পূৰ্ণশক্তিৰে ঠন ধৰি উঠাৰ লক্ষ্যৰে গ্ৰহণ কৰা ‘ভাৰত জোড়ো যাত্ৰা’ শীৰ্ষক জনসম্পৰ্কমুখী অভিযানে প্ৰায় দুমাহ সম্পূৰ্ণ হোৱাৰ দিশে গতি কৰিছে।

দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত থকা কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাই অকুণ্ঠ জনসমৰ্থন লাভ কৰিছে। পদযাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা-কৰ্মীসকলক সহযোগিতা আগবঢ়াই বৃহৎ সংখ্যক জনসাধাৰণে যাত্ৰাত অংশগ্ৰহণ কৰিছে। এই বিপুল জনসমৰ্থনৰ সময়তে মঙলবাৰে ভাৰত জোড়ো যাত্ৰাত দেখিবলৈ পোৱা গ’ল এক বিশেষ দৃশ্য।

মঙলবাৰে তেলেঙ্গানাৰ ৰাজপথত যাত্ৰাৰ নেতৃত্ব বহন কৰা দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ হাতত ধৰি একেলগে খোজ দিলে দেশৰ ৰাজনীতিত খলকনি তোলা, জাতিভেদ ব্যৱস্থাৰ নিষ্ঠুৰতাৰ বলি হোৱা দলিত ছাত্ৰ ৰোহিত ভেমুলাৰ মাতৃয়ে।

সংবিধান ৰক্ষাৰ পণ লৈ ৰোহিত ভেমুলাৰ মাতৃ ৰাধিকা ভেমুলাই তেলেঙ্গানাত ৰাহুল গান্ধীৰ হাতে হাত ধৰি ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰে। ৰোহিত ভেমুলাৰ মৃত্যুৰ পিছত দলিতসকলৰ সমতাৰ যুঁজত সক্ৰিয় হৈ অহা যাত্ৰাত অংশগ্ৰহণৰ পিছতে ভাৰত জোড়ো যাত্ৰালৈ সমৰ্থন ব্যক্ত কৰে।

 

ৰাহুল গান্ধীয়েও এক টুইট যোগে ভেমুলা মাতৃৰ সংগই এক নতুন শক্তি প্ৰদান কৰা বুলি উল্লেখ কৰে। গান্ধীয়ে কয়, “ৰোহিত ভেমুলা সামাজিক বৈষম্য আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজৰ প্ৰতীক আছিল আৰু হৈ থাকিব। ৰোহিতৰ মাতৃক লগ পোৱাৰ পিছত আমি আমাৰ লক্ষ্যৰ দিশে আগবঢ়াৰ ক্ষেত্ৰত মনত অধিক সাহস আৰু নতুন শক্তি পাইছো।”

উল্লেখ্য যে ২০১৭ চনৰ ১৭ জানুৱাৰীত হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ দলিত ছাত্ৰ ৰোহিত ভেমুলাই বৰ্ণবৈষম্যৰ বলি হৈ আত্মহত্যা কৰিছিল। আত্মহত্যাৰ ১২ দিন পূৰ্বে ৰোহিতকে ধৰি পাঁচগৰাকী গৱেষকক বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। জাতিগত বৈষম্যৰ এই লাঞ্ছনাৰ পিছতে ভেমুলাই আত্মহত্যা কৰিছিল। ভেমুলাৰ মৃত্যুৱে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

উচ্চ বৰ্ণৰ বঞ্চনাৰ অভিযোগ উত্থাপন কৰি ভেমুলাই আত্মহত্যা কৰাৰ পিছৰে পৰা সমগ্ৰ দেশতে এই ঘটনাই যথেষ্ট বিতৰ্কৰ সূচনা কৰি আহিছে। কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল বিৰোধীৰ লগতে মানৱ অধিকাৰ কৰ্মী তথা সংগঠনসমূহ। এই ঘটনাক গাপ দিবলৈ চেষ্টা কৰি আনকি ৰোহিত দলিত নাছিল বুলি প্ৰমাণ কৰিবলৈও চেষ্টা কৰা হৈছিল।

ৰোহিতৰ মৃত্যুৰ পিছত তেওঁৰ মাতৃয়ে দলিত সমতাৰ এই যুঁজখনত নামি পৰে। দলিত সমতাৰ যুঁজ অব্যাহত ৰখা ৰাধিকা ভেমুলা দেশত দলিত উৎপীড়নৰ বিৰুদ্ধে যুঁজৰ অন্যতম প্ৰতীক হৈ পৰিছে। সেয়েহে ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত তেওঁৰ অংশগ্ৰহণ ৰাজনৈতিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে নিহত সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী গৌৰী লঙ্কেশৰ মাতৃ আৰু ভগ্নীয়েও ভাৰত জোড়ো যাত্ৰালৈ সমৰ্থন আগবঢ়াই ৰাহুল গান্ধীক সংগ দিছিল। গৌৰী লঙ্কেশক ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত বাংগালুৰুত তেওঁৰ বাসগৃহৰ সন্মুখতে গুলীয়াই হত্যা কৰা হৈছিল। বিজেপি চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে কলম চলোৱাৰ বাবেই হিন্দুত্ববাদী ভাৱধাৰাৰ সৈতে জড়িত দুৰ্বৃত্তই লঙ্কেশক হত্যা কৰা বুলি অভিযোগ উত্থাপিত হৈছিল।

Related News