ছট পূজাৰ আনন্দ উদযাপনৰ মাজতে সমগ্ৰ বিহাৰত মঙলবাৰৰ লৈকে প্ৰায় ৫৩ জন লোকে প্ৰাণ হেৰুওৱাইছে। চাৰিদিনীয়া উৎসৱৰ সময়ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নদীত ডুবি এই লোকসকলৰ মৃত্যু হৈছে।
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে প্ৰতিগৰাকী মৃতকৰ পৰিয়ালৰ বাবে ৪ লাখকৈ টকাৰ অনুদান ঘোষণা কৰিছে।
ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা দণ্ডাধীশক ভুক্তভোগী পৰিয়ালসমূহক তৎকালীনভাৱে এই ক্ষতিপূৰণ পৰিশোধ নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিৰ্দেশ দিয়া হৈছে।
প্ৰকাশিত খবৰ অনুসৰি, যোৱা ৩০ অক্টোবৰত ৰাজ্যখনৰ পূৰ্ণিয়া জিলাত পাঁচজনকৈ লোক নদীত ডুব গৈ মৃত্যুমুখত পৰিছিল। সেইদৰে পাটনা, মুজাফ্ফৰপুৰ, সমস্তিপুৰ আৰু চহৰচাৰ পৰা তিনিজনকৈ লোকৰ মৃত্যু হৈছিল।
আনহাতে গয়া, বেগুচৰাই, কাটিহাৰ, বাক্সাৰ, কাইমুৰ, সীতামাঢ়ী আৰু বাঙ্কাইটো এগৰাকীকৈ লোকৰ মৃত্যুৰ খবৰ প্ৰকাশ পাইছিল।
ইয়াৰ পাছতে ৩১ অক্টোবৰত উৎসৱৰ কাৰ্যকলাপৰ সময়ত ৰাজ্যজুৰি ১৮ গৰাকী লোকৰ মৃত্যু হৈছিল।
ইতিমধ্যে এনে দুৰ্ঘটনাজনিত মৃত্যু সন্দৰ্ভত প্ৰতিখন জিলাৰ কৰ্তৃপক্ষই আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে।