NORTHEAST NOW (Assamese)

ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ বিশেষ পদক্ষেপ; আৰ্তজনক সহায়, চিকিৎসক, আৰক্ষী আৰু আশা কৰ্মীক সম্বৰ্ধনা

April 13, 2020 6:13 pm · পুলেন্দ্ৰ দাস
ফটো : নৰ্থ-ইষ্ট নাও

ৰঙালী বিহুৰ প্ৰাকক্ষণত ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ে আজি গ্ৰহণ কৰে বিশেষ পদক্ষেপ। মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীৰ উদ্যোগত আৰু মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া তথা ভবানীপুৰ আৰক্ষী চকীৰ সহযোগত মহাবিদ্যালয় প্ৰাংগনত আজি গৰু বিহুৰ দিনা লকডাউনৰ ফলত খাদ্য সংকটত ভোগা আৰ্তজনলৈ আগবঢ়ায় সহায়ৰ হাত।

বৃহত্তৰ অঞ্চলটোৰ প্ৰায় দুই শতাধিক পৰিয়ালক ১২ বিধ অত্যাবশ্যকীয় সামগ্ৰী বিতৰণ কৰে। একেদৰে অঞ্চলটোৰ ১৫ গৰাকী আশা কৰ্মীক ৫০০ টকাকৈ আৰ্থিক সকাহ আৰু খাদ্য সামগ্ৰী প্ৰদান কৰাৰ লগতে ৭ গৰাকী হোমগাৰ্ডক ৫০০ টকাকৈ বৰঙণি আগবঢ়ায়।

সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ আঁত ধৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাই।

কৰোনা ভাইৰাছ ৰোধ কৰাৰ লগতে এই সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা চিকিৎসক, স্বাস্থ্যকৰ্মী, আৰক্ষী আৰু সাংবাদিক সকলৰ প্ৰতি কৃতজ্ঞতা জনায় অধ্যক্ষ গৰাকীয়ে।

এই অনুষ্ঠানত বিশিষ্ট চিকিৎসক ডাঃ তাৰিফ হুছেইন, ডাঃ পুলিন শৰ্মা, আৰক্ষী বিষয়া কিশোৰ কুমাৰ শৰ্মাৰ লগতে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ অন্যান্য বিষয় ববীয়া আৰু শিক্ষক-কৰ্মচাৰীসকল উপস্থিত থাকে।

Related News