জেষ্ঠ কংগ্ৰেছী নেতা দ্বিগবিজয় সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল

দ্বিগবিজয় সিং

জেষ্ঠ কংগ্ৰেছী নেতা দ্বিগবিজয় সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মধ্যপ্ৰদেশৰ ভূপাল আৰক্ষীয়ে।

মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ এটা সম্পাদিত ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ অভিযোগতে জেষ্ঠ কংগ্ৰেছী নেতা গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে।

দ্বিগবিজয় সিঙে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা সম্পাদিত ভিডিঅ’টোত মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানক ৰাজ্যখনত সুৰাৰ বিক্ৰীক উৎসাহ জনোৱা দেখা গৈছে।

মধ্যপ্ৰদেশৰ জেষ্ঠ কংগ্ৰেছী নেতা গৰাকীৰ বিৰুদ্ধে ৰাজ্যখনৰ কিছু সংখ্যক বিজেপি নেতাই গোচৰ ৰুজু কৰিছে।

বিজেপি নেতা সকলে সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি শীঘ্ৰেই তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱাৰ লগতে ছ’চিয়েল মিডিয়াত ভূৱা ভিডিঅ’ প্ৰচাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা সন্দৰ্ভত তদন্তৰ আহ্বান জনায়।

উল্লেখযোগ্য যে, অলপতে মধ্যপ্ৰদেশৰ কংগ্ৰেছৰ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছতে ৰাজ্যখনত কংগ্ৰেছ চৰকাৰৰ পতন ঘটিছিল আৰু বিজেপি পুনৰ ক্ষমতালৈ আহিবলৈ সক্ষম হৈছিল।

বিগত লোকসভা নিৰ্বাচনত দ্বিগবিজয় সিং বিজেপিৰ বিতৰ্কিত সাংসদ সাধৱী প্ৰজ্ঞাৰ হাতত পৰাজিত হৈছিল।