NORTHEAST NOW (Assamese)

বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পথত বিশ্বজিৎ দৈমাৰী, ভূৱনেশ্বৰ কলিতা আৰু অজিত কুমাৰ ভূঞা

March 14, 2020 10:12 am · এন ই নাও নিউজ
Updated: March 14, 2020 10:22 am
ভূৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা আৰু বিশ্বজিৎ দৈমাৰী

ৰাজ্যত খালী হৈ থকা তিনিখন ৰাজ্যসভাৰ আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা তিনিগৰাকী প্ৰাৰ্থী ক্ৰমে ভূৱনেশ্বৰ কলিতা, বিশ্বজিৎ দৈমাৰী আৰু অজিত কুমাৰ ভূঞা বিনাপ্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা প্ৰায় নিশ্চিত হৈছে।

১৬ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব আৰু ১৮ মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ।

বিজেপি আৰু অগপ সমৰ্থিত বিপিএফ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীয়ে পূৰ্বে ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰাৰ বিপৰীতে বিজেপিৰ ভূৱনেশ্বৰ কলিতা আৰু কংগ্ৰেছ-এআইয়ুডিএফৰ সমৰ্থিত প্ৰাৰ্থী অজিত কুমাৰ ভূঞাই ১৩ মাৰ্চত মনোনয়ন দাখিল কৰে।

উল্লেখযোগ্য যে, ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে অজিত কুমাৰ ভূঞাৰ লগতে ৰাজ্যৰ আন এগৰাকী সাংবাদিক অতনু ভূঞায়ো মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল।

অতনু ভূঞাই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল যদিও শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা তেওঁ মনোনয়ন পত্ৰ দাখিল নকৰিলে যাৰ বাবে বিশ্বজিৎ দৈমাৰী, ভূৱনেশ্বৰ কলিতাৰ লগতে অজিত কুমাৰ ভূঞাই বিনাপ্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা নিশ্চিত হয়।

Related News