• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সকলো ‘কা’ বিৰোধী কাৰাবন্দীৰ মুক্তিৰ দাবীত তিনিচুকীয়াত বৃহৎ প্ৰতিবাদ

NE NOW NEWS মানস প্রতীম গগৈ
মাৰ্ঘেৰিটা , March 14, 2020 9:46 am

2 min read

সকলো ‘কা’ বিৰোধী কাৰাবন্দীৰ মুক্তিৰ দাবীত তিনিচুকীয়াত বৃহৎ প্ৰতিবাদ
1.3k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অখিল গগৈসহ সকলো ‘কা’ বিৰোধী কাৰাবন্দীৰ মুক্তিৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত শুকুৰবাৰে বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখযোগ্য যে ’কা’ বিৰোধী আন্দোলনৰ সময়তে যোৱা ১২ ডিচেম্বৰত কৃষক নেতা অখিল গগৈ আৰু তাৰ পিছত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ বহুকেইজন নেতা-কৰ্মীক ৰাষ্ট্ৰদ্ৰোহকে ধৰি বিভিন্ন গোচৰত অভিযুক্ত কৰি গ্ৰেপ্তাৰ কৰি ৰখা হৈছে।

সংগঠন দুটাৰ ওপৰত চৰকাৰে ষড়যন্ত্ৰমূলকভাবে আক্ৰমণ কৰিব খোজিছে বুলি উল্লেখ কৰি ছাত্ৰ মুক্তিৰ জিলা সভাপতি পাপু দত্তই কয় যে এই পৰ্যন্ত অসমৰ বিভিন্ন থানত ৪৭টা কৈ গোচৰ ৰুজু কৰি মুঠ ২৩জন নেতা-কৰ্মীক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে আৰু বৰ্তমান ৯জন নেতা কাৰাবন্দী হৈ আছে।

আনহাতে কাৰাবন্দী ছাত্ৰ নেতা বিতু সোণোৱালৰ দেউতাকে সকলো দল-সংগঠনক ঐক্যবদ্ধ সংগ্ৰামৰ বাবে আহ্বান জনাই কয়, ‘সকলো সংগঠনে ’কা’ বিৰোধী আন্দোলন কৰিছে যদিও কিয় কৃষক মুক্তিৰ নেতাসকলক কাৰাবন্দী কৰি ৰাখিছে? চৰকাৰে কৃষক মুক্তিলৈ ভয় কৰে নেকি?’

তেওঁলোকৰ উপৰি প্ৰতিবাদী কাৰ্যসূচীত আটাছু, সদৌ মৰাণ ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, আটছা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ (অসম), কলিতা জনগোষ্ঠীয় যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেবাজনো কেন্দ্ৰীয় নেতাই ভাষণ দিয়ে।

পিছত তিনিচুকীয়াৰ ITI খেলপথাৰত সমবেত হোৱা প্ৰতিবাদী ৰাইজে নাগৰিকত্ব সংশোধনী আইন বাতিল, অখিল গগৈসহ সকলো কাৰাবন্দীৰ মুক্তি আৰু ’কা’ বিৰোধী আন্দোলনত ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰ কৰা দাবীত তিনিচুকীয়াৰ অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Recent News

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd