NORTHEAST NOW (Assamese)

ভূপেন বৰাৰ বাবেই অসমত ব্যৰ্থ হ’ল বিৰোধী ঐক্য : আপ নেতা ভবেন চৌধুৰী মন্তব্য

April 28, 2024 5:06 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

“কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে কালি  অসমলৈ আহি গুৱাহাটীৰ বিমানবন্দৰৰ সমীপতে এক সংবাদ মেল সম্বোধন কৰিছিল । এই সংবাদ মেলত খাৰ্গেৰ সৈতে এফালে জিতেন্দৰ সিং আৰু আনফালে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও আছিল । এগৰাকী সাংবাদিকে খৰ্গেক সোধা এটা প্ৰশ্নৰ উত্তৰ খৰ্গে  ডাঙৰীয়াৰ হাতত নাছিল। গতিকে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰা ডাঙৰীয়াক উত্তৰটো দিবলৈ কৈছিল । ভূপেন বৰাই কথাখিনি  কোৱাৰ আগতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক  জীতেন্দৰ সিঙৰ পৰা অনুমতি লৈ যিখিনি কথা কলে সেয়া যথেষ্ট বিভ্ৰান্তিকৰ তথা প্ৰৰোচনামূলক ।” আজি গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত সভাপতি ডাঃ ভবেন চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে মত ব্যক্ত কৰে।

ডাঃ চৌধুৰীয়ে কয়- ‘ডিব্ৰুগড়ৰ আসন খনত এইবাৰ বিৰোধী ঐক্য মঞ্চৰ পৰা দুগৰাকী প্ৰাৰ্থী আছিল – এগৰাকী আম আদমি পাৰ্টীৰ মনোজ ধানোৱাৰ আৰু আন গৰাকী অসম জাতীয় পৰিষদৰ লুৰিনজ্যোতি গগৈ। নিৰ্বাচন ভালে ভালে হৈ গল।  অসমত বিৰোধী ঐক্য মঞ্চৰ আসন  ভাগ বতৰা কৰা সভা সমূহ প্ৰায় ৮ মাহ ধৰি চলিছিল, কিন্তু কিবা এটা অলৌকিক কাৰণত এই কামটো কৰাত  অসমৰ কংগ্ৰেছ সভাপতি গৰাকী বিফল হল; গতিকে বিৰোধী দলে লখিমপুৰ, ডিব্ৰুগড়, শোণিতপুৰ, বৰপেটা আদিত দুগৰাকীকৈ  প্ৰাৰ্থী  আছিল। ইয়ালৈকে ঠিকেই আছিল।  বিৰোধী ঐক্য মঞ্চৰ সভাপতি হিচাবে তেওঁ লোকসভাৰ আসনৰ বুজা বুজি সহযোগী দল সমূহৰ লগত কৰিব নোৱাৰিলে আৰু এইয়া তেওঁৰ ব্যৰ্থতা আৰু বিৰোধী ঐক মঞ্চৰ সভাপতি হিচাবে এই কথা তেওঁ মানি লব লাগিব। তেওঁ কি এক ৰহস্য জনক কাৰণত ডিব্ৰুগড়ৰ প্ৰাৰ্থী সন্দৰ্ভত এনে এটা গোকত মিছা কথা কলে, সেইটোহে ভাবিব লগীয়া। 

কেতিয়া, কত আৰু কাৰ কাৰ মাজত তেওঁ উল্লেখ কৰা সভাখন হৈছিল, তেওঁ এতিয়া কওক। কংগ্ৰেছৰ ৰাষ্ট্ৰীয়  সাধাৰণ সম্পাদক জিতেনদ্ৰ সিং  এই কথা খিনিৰ লগত জড়িত হৈ পৰিল, গতিকে তেওঁৰো এটা স্পষ্টীকৰণৰ প্ৰয়োজন। অন্যথা অসম কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াৰ এই ভাষ্য যথেষ্ঠ বিভ্ৰন্তিকৰ। ‘ আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই 

APCC ৰ সভাপতি ভূপেন বৰাই  সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি এনেদৰে প্ৰলাপ বকিছে বুলি অভিযোগ কৰে। ‘ এই বক্তব্যই  এটা কথা প্ৰমাণ কৰিলে যে অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ কৰা মূল ষড়যন্ত্ৰকাৰী ভূপেন বৰা। ইমান দিনে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আন প্ৰভাৱশালী শক্তিৰ নিৰ্দেশত উঠা বহা কৰা কথাটোও ভূপেন বৰাৰ মন্তব্যই প্ৰমাণ কৰিলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ এই ভাষ্যৰ দ্বাৰাই তেওঁ অসমৰ সংবাদ মাধ্যম তথা অসমবাসী জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টাত লিপ্ত হৈছে।’

Related News