দুৰ্নীতিৰ বিৰুদ্ধে নিজৰ স্থিতি পৰিত্যাগ কৰাৰ অভিযোগ তুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল কংগ্ৰেছ নেতা ভূপেন বৰা।
পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰত সোণোৱালে অংশগ্ৰহণ কৰা সন্দৰ্ভত বৰাই কয় যে এসময়ত কংগ্ৰেছৰ দুৰ্নীতিগ্ৰস্ত নেতাক সমালোচনা কৰি এখন কিতাপ লিখিছিল সৰ্বানন্দ সোণোৱালে।
“কংগ্ৰেছত বেয়া মানুহ আছে বুলি দাবী কৰি কিতাপ লিখা প্ৰথমজন ব্যক্তি আছিল স্বয়ং সৰ্বানন্দ সোণোৱাল। সাৰাদা আৰু লুই বাৰ্গাৰ কেলেংকাৰিৰ সৈতে জড়িত হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ কৰি বিজেপি চৰকাৰে তেওঁক তদন্ত কৰি শাস্তি দিব বুলিও প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাকে মুখ্যমন্ত্ৰীৰ দায়িত্ব দি অসম এৰিলে সৰ্বানন্দ সোণোৱালে।” – ভূপেন বৰাই কয়।
শেহতীয়াকৈ গৌৰৱ গগৈৰ পৰিয়ালৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ উত্তৰত বৰাই কয়, “মুখ্যমন্ত্ৰীয়ে কেঁচু খান্দিবলৈ গ’লে এটা সাপ ওলাই আহে। তেওঁ হয়তো সন্ন্যাসীৰ অভিনয় কৰে, কিন্তু তেওঁৰ অতীত সকলোৱে জানে। গতিকে, মই কেঁচু খান্দিবলৈ নাযাওঁ।”