NORTHEAST NOW (Assamese)

অসম এচ’ছিয়েচন, মিজোৰাম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত সুধাকন্ঠলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

November 5, 2023 9:48 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 5, 2023 8:55 pm

দেওবাৰে অসম এচ’ছিয়েচন, মিজোৰাম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ অতিথিগৃহ প্ৰেক্ষাগৃহত গীত মাত কবিতাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

সাংস্কৃতিক সম্পাদক প্ৰলয় কুমাৰ বড়ো, বৰষা ৰাভা আৰু দ্বীপৰঞ্জন পাঠকে আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আদৰণি ভাষণ আৰু উদ্দেশ্য বাখ্যা কৰে অসম এচ’ছিয়েচনৰ সাধাৰণ সম্পাদক দেৱাশীষ শৰ্মাই।

অনুষ্ঠানৰ অতিথি খাদ্য প্ৰযুক্তি বিদ্যা বিভাগৰ সহকাৰী অধ্যাপক ড০ হিমজ্যোতি দত্তই ভূপেন হাজৰিকাদেৱৰ জীৱনী, কৰ্মৰাজী তথা সাংস্কৃতিক অৱদানৰ বিষয়ে আলোকপাত কৰি কয় যে “ভূপেনদা অসমৰ এটি সম্পদ, তেখতৰ অৱদান অপৰিসীম। তেখতৰ গীত মাত আৰু সৃষ্টিৰাজিক চৰ্চাৰ মাধ্যমেৰেহে আমাৰ মাজত জীয়াই ৰাখিব লাগিব।

আন এগৰাকী অতিথি একে বৰুৱা দেৱে ভূপেন হাজৰিকা দেৱৰ সংগ্ৰাম আৰু সাহিত্যিক অবদানৰ বিষয়ে আলোকপাত কৰে।

ভূপেন হাজৰিকাদেৱৰ গীতত নৃত্য পৰিৱেশন কৰে জোনাক জ্যোতি বৰ্মনে। প্ৰণাক্ষী‌ শৰ্মা, বৰষা ৰাভা, সুকন্যা চেতিয়া আৰু দ্বীপ ৰঞ্জন পাঠকে এটিকৈ ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে।

অসম এচ’ছিয়েচনৰ সভাপতি বিকি হাজৰিকাই শলাগৰ শৰাই আগবঢ়ায়। সদৌ শেষত অসমৰ জাতীয় সঙ্গীতেৰে অনুষ্ঠানৰ সামৰণি পৰে।

Related News