NORTHEAST NOW (Assamese)

সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ পৰা আঁতৰি আহিল ভুপিন্দৰ সিং মান

January 14, 2021 4:40 pm · এন ই নাও নিউজ

কৃষি আইন তিনিখনক কেন্দ্ৰ কৰি চলি থকা প্ৰতিবাদ তথা বিতৰ্কৰ অন্ত পেলাবলৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া চাৰিজনীয়া সমিতিৰ পৰা ভুপিন্দৰ সিং মানে আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ভাৰতীয় কিষাণ য়ুনিয়নৰ অধ্যক্ষ ভুপিন্দৰ সিং মানে কয় যে চাৰিজনীয়া সমিতিত মোক অন্তৰ্ভুক্ত কৰাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছো, কিন্তু কৃষকৰ হিতৰ সৈতে আপোচ নকৰো আৰু ইয়াৰ বাবে যিকোনো পদ ত্যাগ কৰিম।

উল্লেখ্য যে ১২ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে চাৰিজনীয়া এখন সমিতি গঠন কৰি দিছিল। এই সমিতিখনত কৃষি অৰ্থনীতিবিদ অশোক গুলাটী, ভাৰতীয় কিষাণ য়ুনিয়নৰ অধ্যক্ষ ভুপিন্দৰ সিং মান, শ্বটকৰী সংগঠনৰ অধ্যক্ষ অনিল ঘণৱট আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠানৰ ড° প্ৰমোদ কুমাৰ যোশী।

মানে কয়, ‘চাৰিজনীয়া সদস্যৰে গঠিত সমিতিত মোক অন্তৰ্ভুক্ত কৰাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ক ধন্যবাদ জনাইছো। এজন কৃষক আৰু সংগঠনৰ নেতা হিচাপে পঞ্জাৱ আৰু দেশৰ কৃষকৰ হিতৰ বাবে মই সমিতিৰ পৰা আঁতৰাৰ সিদ্ধান্ত লৈছো আৰু মই সদাই কৃষক আৰু পঞ্জাৱৰ সৈতে আছো’।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষি আইন তিনিখন বাতিল কৰাৰ দাবীত প্ৰায় দুমাহ ধৰি দিল্লীৰ সিংঘু সীমান্তত হাজাৰ হাজাৰ কৃষকে আন্দোলন কৰি আছে।

আইন কেইখনক লৈ চলি থকা বিতৰ্কৰ ওৰ পেলাবলৈ চৰকাৰ আৰু আন্দোলনৰত কৃষকৰ মাজত কেইবালানীও আলোচনা হৈছে। কিন্তু এই পৰ্যন্ত কোনো সমাধান সূত্ৰ ওলোৱা নাই।

সেয়ে উচ্চতম ন্যায়ালয়ে মঙলবাৰে বিতৰ্কিত কৃষি আইন ৰূপায়নত স্থগিতাদেশ প্ৰদান কৰাৰ লগতে এই বিষয়টো সমাধানৰ বাবে এখন চাৰিজনীয়া উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়ে।

Related News