• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ পৰা আঁতৰি আহিল ভুপিন্দৰ সিং মান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 14, 2021 4:40 pm

2 min read

সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ পৰা আঁতৰি আহিল ভুপিন্দৰ সিং মান
454
VIEWS
Share on FacebookShare on Twitter

কৃষি আইন তিনিখনক কেন্দ্ৰ কৰি চলি থকা প্ৰতিবাদ তথা বিতৰ্কৰ অন্ত পেলাবলৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া চাৰিজনীয়া সমিতিৰ পৰা ভুপিন্দৰ সিং মানে আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ভাৰতীয় কিষাণ য়ুনিয়নৰ অধ্যক্ষ ভুপিন্দৰ সিং মানে কয় যে চাৰিজনীয়া সমিতিত মোক অন্তৰ্ভুক্ত কৰাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছো, কিন্তু কৃষকৰ হিতৰ সৈতে আপোচ নকৰো আৰু ইয়াৰ বাবে যিকোনো পদ ত্যাগ কৰিম।

উল্লেখ্য যে ১২ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে চাৰিজনীয়া এখন সমিতি গঠন কৰি দিছিল। এই সমিতিখনত কৃষি অৰ্থনীতিবিদ অশোক গুলাটী, ভাৰতীয় কিষাণ য়ুনিয়নৰ অধ্যক্ষ ভুপিন্দৰ সিং মান, শ্বটকৰী সংগঠনৰ অধ্যক্ষ অনিল ঘণৱট আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠানৰ ড° প্ৰমোদ কুমাৰ যোশী।

মানে কয়, ‘চাৰিজনীয়া সদস্যৰে গঠিত সমিতিত মোক অন্তৰ্ভুক্ত কৰাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ক ধন্যবাদ জনাইছো। এজন কৃষক আৰু সংগঠনৰ নেতা হিচাপে পঞ্জাৱ আৰু দেশৰ কৃষকৰ হিতৰ বাবে মই সমিতিৰ পৰা আঁতৰাৰ সিদ্ধান্ত লৈছো আৰু মই সদাই কৃষক আৰু পঞ্জাৱৰ সৈতে আছো’।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষি আইন তিনিখন বাতিল কৰাৰ দাবীত প্ৰায় দুমাহ ধৰি দিল্লীৰ সিংঘু সীমান্তত হাজাৰ হাজাৰ কৃষকে আন্দোলন কৰি আছে।

আইন কেইখনক লৈ চলি থকা বিতৰ্কৰ ওৰ পেলাবলৈ চৰকাৰ আৰু আন্দোলনৰত কৃষকৰ মাজত কেইবালানীও আলোচনা হৈছে। কিন্তু এই পৰ্যন্ত কোনো সমাধান সূত্ৰ ওলোৱা নাই।

সেয়ে উচ্চতম ন্যায়ালয়ে মঙলবাৰে বিতৰ্কিত কৃষি আইন ৰূপায়নত স্থগিতাদেশ প্ৰদান কৰাৰ লগতে এই বিষয়টো সমাধানৰ বাবে এখন চাৰিজনীয়া উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়ে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd