মন গ’লেই ভূটানলৈ গুচি যোৱাৰ দিন উকলিল; প্ৰথমবাৰৰ বাবে ভাৰতীয়ৰ ওপৰত প্ৰৱেশ কৰ

জুলাইৰ আগতেই প্ৰৱেশ কৰ-বিহীন ভূটান ভ্ৰমণ কৰক

Bhutan

ভাৰতৰ চুবুৰীয়া আৰু নৈসৰ্গিক শোভাৰে ভৰা দেশ ভূটানলৈ যোৱাটো আৰু কৰ বিহীন হৈ নাথাকিব অসম তথা উত্তৰ-পূবৰ লোকৰ বাবে।

৩ ফেব্ৰুৱাৰিত ভূটান সংসদে ইয়াৰ দেশখনৰ পৰ্য্যটন নীতিত কিছুমান সালসলনিত অনুমোদন দিয়ে।

এই নতুন নীতি অনুসৰি প্ৰতিজন পৰ্য্যটকৰ পৰাই দৈনিক Sustainable Development Fee (এছ ডি এফ বা বহনক্ষম উন্নয়ন কৰ) লোৱা হ’ব আৰু ইয়াত ভাৰতৰ পৰ্য্যটকসকলকো সামৰি লোৱা হৈছে। ভাৰতীয়সকলৰ পৰা প্ৰৱেশ কৰৰ ৰূপত এই কৰ লোৱা হ’ব।

পূৰ্বে ভাৰতৰ পৰ্য্যটকসকলে দেশখনত প্ৰৱেশ কৰ দিব লগীয়া নহৈছিল। কেৱল আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটকৰ পৰাহে এছ ডি এফ লোৱা হৈছিল। প্ৰতিজন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটকৰ এছ ডি এফ প্ৰায় ৬৫ ডলাৰ অৰ্থাৎ প্ৰায় ৫ হাজাৰ টকা।

ভাৰত, বাংলাদেশ আৰু মালদ্বীপৰ পৰা যোৱা নাগৰিকসকলক আঞ্চলিক পৰ্য্যটকৰ শ্ৰেণীত ধৰা হয় আৰু এই দেশকেইখনৰ ভ্ৰমণকাৰীয়ে এছ ডি এফ দিব লগীয়া নহৈছিল।

লগতে পঢ়ক অচিৰেই ভুটানৰ নতুন পৰ্য্যটন নীতি; ভাৰতীয় পৰ্য্যটকে দিব লাগিব “দৈনিক কৰ”

নতুন নিয়মমতে, ৫ বছৰ বা তাতকৈ তলৰ বয়সৰ শিশুৰ বাবে মাচুল নাই।

৬ৰ পৰা ১২ বছৰৰ শিশুৰ বাবে মাচুল ৬০০ টকা। ১৩ বছৰৰ ঊৰ্ধ্বৰ আঞ্চলিক পৰ্য্যটকসকলৰ বাবে ১২০০ টকা।

এই নীতি অহা জুলাই মাহৰ পৰা প্ৰযোজ্য হ’ব।

টুৰিজম কাউন্সিল অব ভূটানৰ তথ্য মতে দেশখনলৈ ভাৰতৰ পৰাই সৰ্বাধিক পৰ্য্যটক যায় আৰু ই মুঠ সংখ্যাৰ প্ৰায় ৬৯ শতাংশ।

ভূটান বিশ্বৰ প্ৰায়সকল পৰ্য্যটকৰ বাবে এখন আকৰ্ষণীয় ঠাই।

বিশ্বৰ আগশাৰীৰ ট্ৰেভেল গাইড এজেন্সি এটাই চলোৱা সমীক্ষাত ২০২০ চনত ভ্ৰমণ কৰিবলৈ আটাইতকৈ উপযুক্ত যেন লগা বিশ্বৰ শীৰ্ষ ১০খন দেশৰ তালিকাত ভূটান শীৰ্ষত আছিল।