• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অচিৰেই ভুটানৰ নতুন পৰ্য্যটন নীতি; ভাৰতীয় পৰ্য্যটকে দিব লাগিব “দৈনিক কৰ”

এন ই নাও নিউজ by এন ই নাও নিউজ
November 30, 2019 7:24 pm
Bhutan
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ পৰ্য্যটন মানচিত্ৰত শীৰ্ষত থকা ভাৰতৰ চুবুৰীয়া দেশ ভুটানৰ নতুন পৰ্য্যটন নীতিয়ে অসুবিধাত পেলাব পাৰে ভাৰতীয়সকলক।

বিশ্বৰ বিভিন্ন ঠাইৰ পৰ্য্যটকৰ লগতে প্ৰতি বছৰে লক্ষাধিক ভাৰতীয়ই ভুটান ভ্ৰমণ কৰে ইয়াৰ মনোৰম নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিবৰ বাবে।

Apply Now

কিন্তু শেহতীয়াকৈ পাহাৰীয়া দেশখনে ইয়াৰ পৰ্য্যটন নীতিত ব্যাপক সালসলনি কৰি এখন খচৰা প্ৰস্তুত কৰিছে, য’ত প্ৰতিজন পৰ্য্যটকৰ পৰাই দৈনিক Sustainable Development Fee (এছ ডি এফ বা বহনক্ষম উন্নয়ন কৰ) লোৱা হ’ব।

পূৰ্বে কেৱল আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটকৰ পৰাহে এছ ডি এফ লোৱা হৈছিল। প্ৰতিজন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটকৰ এছ ডি এফ প্ৰায় ৬৫ ডলাৰ অৰ্থাৎ প্ৰায় ৫ হাজাৰ টকা আছিল, যিটো এই নতুন খচৰাত বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে।

তাৰ বিপৰীতে আঞ্চলিক পৰ্য্যটক, অৰ্থাৎ ভাৰত, বাংলাদেশ আৰু মালদ্বীপৰ পৰা যোৱা ভ্ৰমণকাৰীয়ে এছ ডি এফ দিব লগীয়া নহৈছিল।

কি্ন্তু টুৰিজম কাউন্সিল অব ভুটানে প্ৰস্তুত কৰি থকা এই নতুন নীতি কাৰ্য্যকৰী হ’লে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটকৰ লগতে ভাৰত, বাংলাদেশ আৰু মালদ্বীপৰ পৰ্য্যটকেও এছ ডি এফ দিব লগীয়া হ’ব বুলি ইতিমধ্যে টুৰিজম কাউন্সিল অব ভুটানৰ অধ্যক্ষ তথা বিদেশ মন্ত্ৰী ড০ তন্দী দৰ্জীয়ে স্পষ্ট কৰি দিছে। অৱশ্যে এছ ডি এফৰ পৰিমাণ এতিয়াও চূড়ান্ত হোৱা নাই।

লগতে পঢ়ক পৰ্য্যটনৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ দহখন দেশৰ ভিতৰত শীৰ্ষত ভুটান

তাৰ উপৰি আঞ্চলিক পৰ্য্যটকসকলে পাৰ্মিট প্ৰচেছিং ফীও দিব লাগিব। তেওঁলোকে গাইড লোৱাটো বাধ্যতামূলক কৰা হ’ব। ভুটানত প্ৰৱেশৰ বাবে ই-পাৰ্মিট লোৱাও বাধ্যতামূলক কৰা হৈছে নতুন নীতিত। জানিব পৰা মতে, এছ ডি এফ দিয়াৰ পিছত প্ৰতিখন ঠাইত প্ৰৱেশ কৰোঁতে আকৌ মাচুল দিব নালাগে।

ডিচেম্বৰ মাহৰ ভিতৰতে এই নতুন খচৰাখনৰ নীতিবোৰ চূড়ান্ত কৰাৰ কথা সদৰী কৰিছে টুৰিজম কাউন্সিল অব ভুটানৰ অধ্যক্ষ তথা বিদেশ মন্ত্ৰী ড০ তন্দী দৰ্জীয়ে।

“গোটেই চিন্তাটোৰ আঁৰত আছে এটা নীতিত দেশখন ভ্ৰমণ কৰা সকলো পৰ্য্যটকক সামৰি লোৱা আৰু এটা এছ ডি এফ আৰোপ কৰা”, দৰ্জীয়ে কয়।

“দ্দা হিন্দু” ৰ বাতৰিমতে, ২০১৮ বৰ্ষটোত প্ৰায় ২,৭৪,০০০ পৰ্য্যটকে ভুটান ভ্ৰমণ কৰিছিল, য’ত ভাৰতৰ পৰা যোৱা পৰ্য্যটকৰ সংখ্যা প্ৰায় ১,৮০,০০০ আছিল।

উল্লেখ কৰিব পাৰি যে বিশ্বৰ আগশাৰীৰ ট্ৰেভেল গাইড এজেন্সি এটাই চলোৱা সমীক্ষাত ২০২০ চনত ভ্ৰমণ কৰিবলৈ আটাইতকৈ উপযুক্ত যেন লগা বিশ্বৰ শীৰ্ষ ১০খন দেশৰ তালিকাত ভূটান শীৰ্ষত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd