বোকাখাতৰ কেওট আঞ্চলিক সমিতিৰ সৌজন্যত স্থানীয় নাট্য মন্দিৰত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম কেওট জাতীয় পৰিষদৰ গোলাঘাট জিলা সমিতিৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশন অনুস্থিত হৈ যায়।
৩০ আৰু ৩১ জানুৱাৰিত অনুষ্ঠিত কেওট জাতীয় পৰিষদৰ গোলাঘাট জিলা সমিতিৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশনত সংগঠনটোৱে অনুসূচিত জাতিৰ মৰ্যাদা দাবী উত্থাপন কৰে।
এই দাবীৰ সম্পৰ্কত ইতিমধ্যে অসম চৰকাৰক অৱগত কৰা বুলিও জনাইছে সংগঠনটোৱে।
অসমত ৮০ লাখ লোক আছে। ভাৰতৰ অন্য ৰাজ্যত ইতিমধ্যে কেওট সকলক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদান কৰিছে। সেই সূত্ৰে অসমতো সেই মৰ্যদা পাব লাগে বুলি বোকাখাতৰ অধিবেশনত দাবী কৰিছে কেওট জাতীয় পৰিষদে।
বোকাখাতত দুদিনীয়াকৈ অনুস্থিত অধিৱেশনৰ প্ৰথমদিনা অনুষ্ঠিত বিষয় বাচনি সভাত আগন্তুক দুটা বছৰৰ বাবে ৰজত শইকীয়াক সভাপতি আৰু ৰাজেন শইকীয়াক সম্পাদক হিচাবে নিৰ্বাচিত কৰি নতুন জিলা সমিতি গঠন কৰা হয়।
দ্বিতীয় দিনা পুৱা উষা কীৰ্ত্তন, বৃক্ষ ৰোপন, স্মৃতি তৰ্পণ আৰু পতাকা উত্তোলনৰ পিছতেই এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
বিয়লিলৈ আয়োজিত মুকলি সভাত অধিবেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা কুঁৱলী নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।
উল্লেখ্য যে অহা মাৰ্চ মাহত লখিমপুৰৰ বিহপুৰীয়াত অনুষ্ঠিত হ’ব লগা ৰাজ্যিক অধিৱেশনতে দৌ অসম কেওট জাতীয় পৰিষদৰ পৰৱৰ্তী কাৰ্যপন্থা নিশ্চিত হ’ব বুলি জনাইছে সংগঠনটোৱে।