NORTHEAST NOW (Assamese)

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ, ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব পৰীক্ষা

May 15, 2026 10:18 am · এন ই নাও নিউজ, গুৱাহাটী

প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ বাবে বাতিল হোৱা নিট পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা কৰা হৈছে। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ দীঘলীয়া অপেক্ষাৰ অন্ত পেলাই ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ এন টি এয়ে জনাইছে যে আগন্তুক ২১ জুন দেওবাৰে নিট ইউ জি ২০২৬ ৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হব। ভাৰত চৰকাৰৰ সন্মতি মৰ্মে এই নতুন তাৰিখ নিৰ্ধাৰণ কৰা হৈছে বুলি সংস্থাটোৱে আনুষ্ঠানিকভাৱে জানিবলৈ দিছে।

প্ৰশ্নকাকত ফাদিল আৰু অনিয়মৰ অভিযোগৰ পাছত পৰীক্ষা বাতিল হোৱাত লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে মানসিক চাপ আৰু অনিশ্চয়তাত ভুগিছিল। এই নতুন ঘোষণাই সমগ্ৰ দেশৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলক এমবিবিএছ আৰু বিডিএছৰ দৰে পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আৰু এটা সুযোগ প্ৰদান কৰিছে। অতি কম সময়ৰ ভিতৰতে পুনৰ প্ৰস্তুতি চলাবলগীয়া হোৱাত বহুতে চিন্তা প্ৰকাশ কৰিলেও, এইবাৰ পৰীক্ষাটো কোনো বিতৰ্ক নোহোৱাকৈ সুকলমে পাৰ হব বুলি সকলোৱে আশা কৰিছে।

যোৱাবাৰৰ বিতৰ্কৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ পৰীক্ষাত নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া কৰা হব বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সকলো পৰীক্ষাৰ্থী আৰু অভিভাৱকক ছচিয়েল মিডিয়াৰ উৰাবাতৰি বা অসত্য তথ্যত বিশ্বাস নকৰিবলৈ অনুৰোধ জনাইছে। পৰীক্ষাৰ বিষয়ে সঠিক তথ্য জানিবলৈ সংস্থাটোৰ হেল্পলাইন নম্বৰ ০১১-৪০৭৫৯০০০ আৰু ০১১-৬৯২২৭৭০০ ত যোগাযোগ কৰিব পাৰিব। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰশ্নসমূহ neet-ug@nta.ac.in ইমেইলযোগে পঠিয়াব পাৰিব।

Related News