পহলগাম আক্ৰমণৰ পাছত কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ব’ৰ্ড (NSAB)ৰ গঠনত বৃহৎ পৰিৱৰ্তন আনিছে। প্ৰাক্তন RAW-ৰ বিষয়া আলোক যোশীক ব’ৰ্ডৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। সাত বছৰৰ দীৰ্ঘ কাৰ্যকালৰ পিছত এই বৃহৎ সালসলনি। নতুন ব’ৰ্ডত ছজন সদস্যৰ সৈতে তিনিজন প্ৰাক্তন সামৰিক বিষয়া অন্তৰ্ভুক্ত কৰা হৈছে। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক হাই-ভল্টেজ বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়, য’ত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিয়া হৈছিল।
মঙলবাৰে পহলগাম আক্ৰমণৰ এটা সপ্তাহ পূৰ্ণ হোৱাৰ পিছতো এই ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ বা আটক কৰা সম্ভৱ হোৱা নাই। কাশ্মীৰত কেইবাবাৰো অভিযান চলোৱাৰ পিছতো ২৬ জন লোক এতিয়াও পলাতক হৈ আছে। এই পৰিস্থিতিৰ প্ৰতি সঁহাৰিত মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চিডিএছ জেনেৰেল অনিল চৌহানৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত সেনাবাহিনীক প্ৰতিহত আক্ৰমণৰ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হয়। ইয়াৰ পিছত বুধবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ব’ৰ্ডৰ পুনৰগঠন কৰা হয়। বিশ্লেষকসকলে মতে, পাকিস্তান বা তাৰ মিত্ৰ দেশসমূহে ভাৰতত অশান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে ভাৰতো সাজু থাকিব লাগিব, সেই কাৰণে ব’ৰ্ডক শক্তিশালী কৰা হৈছে বুলি সদৰী কৰা হৈছে।
নতুন ব’ৰ্ডত প্ৰাক্তন পশ্চিম এয়াৰ কমাণ্ডাৰ এয়াৰ মাৰ্শ্বাল পি এম সিনহা, প্ৰাক্তন জেনেৰেল আৰ্মী কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল এ কে সিং, আৰু প্ৰাক্তন ৰিয়াৰ এডমিৰেল মণ্টি খান্নাক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি প্ৰাক্তন আইপিএছ বিষয়া ৰাজীৱ ৰঞ্জন বৰ্মা, মনমোহন সিং আৰু প্ৰাক্তন আইএফএছ বিষয়া বি ভেংকটেশ ভাৰ্মাও ব’ৰ্ডৰ সদস্য হিচাপে নিযুক্ত হৈছে।
উল্লেখ্য যে ১৯৯৮ চনত গঠিত এই ব’ৰ্ডৰ মূল দায়িত্ব হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ত পৰামৰ্শ প্ৰদান কৰা। পহলগাম আক্ৰমণৰ পিছত দেশৰ নিৰাপত্তা জোৰদাৰ কৰিবলৈ এই নতুন ব’ৰ্ডে কি কৌশল গ্ৰহণ কৰিব, তাৰ ওপৰত সকলোৰ দৃষ্টি নিবদ্ধ হৈ আছে।