NORTHEAST NOW (Assamese)

নাথ-যোগী পৰিষদত বৃহৎ কেলেংকাৰি, দাবী আৰ টি আই কৰ্মী ইন্দ্ৰেশ্বৰ নাথৰ

February 18, 2020 4:39 pm · দীপজ্যোতি শৰ্মা
Updated: February 18, 2020 4:40 pm
সংবাদমেলত অভিযন্তা তথা সক্ৰিয় আৰ টি আই কৰ্মী ইন্দ্ৰেশ্বৰ নাথ।

কংগ্ৰেছৰ আমোলতে গঠিত নাথ- যোগী উন্নয়ন পৰিষদত এতিয়া কোটি কোটি টকাৰ কেলেংকাৰি।

অভিযন্তা তথা সক্ৰিয় আৰ টি আই কৰ্মী ইন্দ্ৰেশ্বৰ নাথে আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল দি তেওঁ আৰ টি আই আৱেদন কৰিবলৈ গৈ বিভিন্ন অনিয়মৰ বিষয়ে গম পোৱা বুলি দাবী কৰিছে।

নাথে কয়, কংগ্ৰেছৰ শাসন কালত ২০১১- ২০১৫ চনৰ ভিতৰত ১৩ কোটি ৩৯ লাখ আৰু বিজেপি চৰকাৰৰ দিনত ২০১৭-২০১৮ বৰ্ষত ৩২ লাখ টকা দিছিল নাথ যোগী পৰিষদৰ উন্নয়নৰ বাবে৷

কিন্ত তেওঁ আৰ টি আই আবেদন কৰিছিল ১৩ কোটি ৩৯ লাখ টকাৰ কি কি কাম কৰিলে সেই কথা জানিবলৈ। সঞ্চালকৰ কাৰ্য্যালয়ৰ আৰ টি আই বিষয়া এজনে তেওঁক ইয়াৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে কয়, অফিচত হিচাপো নাই ফাইলো নাই৷

তেতিয়া নাথে সেইটোকে জনাই লিখি এটা ৰিপ’ৰ্ট দিয়ক বুলি কোৱাত আজি পৰ্য্যন্ত তেওঁ সেয়া পাবলৈ সক্ষম নহ’ল।

নাথে এই বৃহৎ পৰিমাণৰ ধন ক’ত হেৰাল তাক লৈ চি বি আই তদন্তৰ বাবে মুখ্য মন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছে।

৩২ লাখ টকাৰে ফুটবল ক’চিং, লোকনৃত্য প্ৰশিক্ষণ আৰু ড্ৰাইভাৰ প্ৰশিক্ষণ দিয়া বুলি পৰিষদে কয় যদিও নাথৰ মতে এই সমূহো ভুৱা।

নাথৰ প্ৰশ্ন- নাথ-যোগী পৰিষদৰ অধ্যক্ষ ধীৰেন নাথ,আৰু উপাধ্যক্ষ কৃতিনাথ ডাঙৰীয়াই ক’ত খৰচ কৰিলে এই বৃহৎ পৰিমাণৰ ধন?

ইয়াৰ তদন্ত কৰি দোষীক শীঘ্ৰে উচিত শাস্তি দিয়াৰ বাবে মুখ্য মন্ত্ৰী ডাঙৰীয়াক আহ্বান জনায় আৰ টি আই কৰ্মীজনে।

উল্লেখ কৰিব পাৰি যে কংগ্ৰেছ চৰকাৰে ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীবোৰৰ উন্নয়নৰ বাবে মুঠ ১৪খন উন্নয়ন পৰিষদ গঠন কৰিছিল, যাৰ ভিতৰত নাথ-যোগী পৰিষদো অন্যতম।

Related News