• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰে পৰা ঢকুৱাখনাত আৰম্ভ মিচিংসকলৰ কৃষিভিত্তিক লোক উৎসৱ আলি আঃয়ে লৃগাঙ

লখিমপুৰৰ ঘূণাহুতিৰ জংকী-পানৈৰ পথাৰৰ ড০ টাবুৰাম টাইড ক্ষেত্ৰত ব্যাপক জন সমাগম

NE NOW NEWS ফাৰহানা আহমেদ
লখিমপুৰ , February 18, 2020 4:20 pm

2 min read

আজিৰে পৰা ঢকুৱাখনাত আৰম্ভ মিচিংসকলৰ কৃষিভিত্তিক লোক উৎসৱ আলি আঃয়ে লৃগাঙ

শিবিৰ উন্মোচন কৰি থকা অৱস্থাত মন্ত্ৰী নৱ কুমাৰ দলে, ফ'টো- ফৰহানা আহমেদ

635
VIEWS
Share on FacebookShare on Twitter

আজিৰে পৰা ঢকুৱাখনাৰ ঘূণাহুতি জংকী-পানৈৰ পথাৰত আৰম্ভ হৈছে মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক লোক উৎসৱ আলি আঃয়ে লৃগাঙ।

উল্লেখ্য যে ফাগুণ মাহৰ প্ৰথমটোৰ বুধবাৰৰ পৰা আৰম্ভ হয় এই লোক উৎসৱ। কিন্তু দুদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাত মিচিংসকলে উদযাপন কৰিছে আলি আঃয়ে লৃগাং লোক উৎসৱ।

এই উৎসৱৰ উপলক্ষ্যে লিখমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ ঘূণাহুতিৰ জংকি-পানৈৰ পথাৰত ব্যাপক জন সমাগম হোৱা দেখা গৈছে মিচিং জনগোষ্ঠীৰ লোকসকলক।

উল্লেখ্য যে এই ঘূণাহুতিয়ে হৈছে অসমীয়া উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ বিখ্যাত উপন্যাস মিৰি জীয়ৰীৰ খ্যাত ঘূণাহুতি। সেয়ে এই পথাৰখনৰ নামো দিয়া হৈছে উপন্যাসখনৰ অসমৰ প্ৰেম কাহিনীৰ দুই চৰিত্ৰ জংকী আৰু পানৈৰ নামেৰে।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু লখিমপুৰ জিলা প্ৰশসনৰ উদ্যোগত আৰু বৃহত্তৰ ঘূণাহুতি ৰাইজৰ সহযোগত জংকী পানৈৰ পথাৰ তথা শিক্ষাবিদ প্ৰয়াত ড০ টাবুৰাম টাইড ক্ষেত্ৰত এই আলি আঃয়ে লৃগাঙ লোক উৎসৱ আৰম্ভ হৈছে।

উদযাপন সমিতিৰ সভাপতি ড০ ডম্বৰুধৰ মিলিয়ে পতাকা উত্তোলনেৰে আৰম্ভ কৰা লোক উৎসৱত কাৰ্যকৰী সভাপতি পুনেশ্বৰ টাইডে স্মৃতি তৰ্পণ কৰাৰ লগতে মুখ্য উপদেষ্টা নিত্যানন্দ মিলিয়ে বৃক্ষৰোপণ কৰে।

ইয়াৰ পিছতে ঐনিতম, গুমৰাগ, লুত্তা চ’ আদি লোক গীত-নৃত্যৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হ’য়।

অসম চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলেই উৎসৱৰ জংকী-পানৈৰ শিবিৰ উন্মোচন কৰে।

কাইলৈ আঃয়ে লৃগাঙৰ লোক উৎসৱৰ মুকিল সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী নৱ কুমাৰ দলে উপস্থিত থাকিব বুইল উদযাপন সমিতিয়ে জানিবলৈ দিছে।

Recent News

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd