বিশ্বনাথ জিলা আৰক্ষীৰ বৃহত সফলতা : ২৩৭ টা গৰু জব্দ কৰাৰ লগতে ৩৪ জনক আটক

IMG-20200715-WA0016

বিশ্বনাথ জিলা আৰক্ষীৰ বৃহত সফলতা।

২৩৭ টা গৰু জব্দ কৰিছে বিশ্বনাথ জিলা আৰক্ষীয়ে।

বিশেষ সূত্ৰৰ পম খেদি  জিলাখনৰ হাৱাজান, হেলেম, গহপুৰ,  আৰু জিনজিয়া আৰক্ষীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাত ১০ খনকৈ অবৈধ ভাৱে গৰু কঢ়িয়াই থকা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰথমতে হাৱাজান, গহপুৰ আৰু হেলেম আৰক্ষী থানাত ৬ খনকৈ অবৈধ ভাৱে গৰু কঢ়িয়াই নিয়া ট্ৰাক জব্দ কৰা হয়।

আনফালে  ৪ খন অবৈধ গৰু কঢ়িওৱা ট্ৰাক আৰক্ষীৰ নিৰ্দেশ নামানি গহপুৰৰ পৰা পলায়ন কৰে যদিও বিশ্বনাথৰ জিনজিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ মেধিৰ নেতৃত্বত আৰক্ষীৰ দল এটাই পলায়ন কৰা ৪ খন অবৈধ গৰু কঢ়িওৱা ট্ৰাক জিনজিয়া থানাৰ অন্তৰ্গত মোনাবাৰীত জব্দ কৰিবলৈ সক্ষম হয়।

এই অবৈধ গৰু কঢ়িওৱা ট্ৰাক কেইখনত সৰ্বমূঠ ২৩৭ টা গৰু উদ্ধাৰ কৰাৰ বিপৰীতে ৩৪ জন লোকক আটক কৰিছে আৰক্ষীয়ে।

ইতিমধ্যে এই অবৈধ গৰু কঢ়িওৱা ট্ৰাক কেইখনে চিলাপথাৰৰ পৰা মৰিগাঁও আৰু নগাঁও অভিমুখে গৈ থকা বুলি জানিব পৰা গৈছে।

এই বিষয়ে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও লকডাউনৰ মাজত নিৰ্বিঘ্নে ৰাজ্যত এতিয়াও যে গৰু ছিণ্ডিকেট চলি আছে তাৰেই এইয়া জ্বলন্ত উদাহৰণ।

প্ৰশ্ন হয় কাৰ ছত্ৰছায়াত এইদৰে চোৰাং বেহা চলাই নিবলৈ সাহস পাইছে। হয়তো আৰক্ষীৰ তদন্ত ওলাব বহু ৰহস্য।