NORTHEAST NOW (Assamese)

বাগদান সম্পন্ন হ’ল তাজাকিস্তানী গায়ক আব্দু ৰ’জিকৰ; চৰ্চানুসৰি ডুবাইত সম্পন্ন হ’ব বিবাহ

May 11, 2024 6:54 pm · এন ই নাও নিউজ, গুৱাহাটী

Bigg Boss 16 ৰ দ্বাৰা খ্যাতি লাভ কৰা আব্দু ৰ’জিকৰ অনুৰাগীৰ বাবে ভাল খবৰ। যোৱা মাহত ইউ এ ইৰ শ্বাৰজাহত তাজিকিস্তানী গায়িকাগৰাকীয়ে বাগদান সম্পন্ন কৰে। তেওঁ এই অনুষ্ঠানৰ ছবিও ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। মুকলি ফ্ৰেমত আব্দু আৰু তেওঁৰ সংগী আমিৰাক দেখা গৈছে।বাগদানৰ দিনটোত বাবে আব্দুৱে এটা পৰম্পৰাগত সাজ পিন্ধি থকা দেখা গৈছে। বগা গাউন পিন্ধি দেখা গৈছে আমিৰাক। কেপচনত আব্দুৱে লিখিছে, “আল্লাহমদুলিল্লাহ,” আৰু এংগেজমেণ্টৰ তাৰিখটো “২৪.০৪.২০২৪” বুলি শ্বেয়াৰ কৰিছে।

 

View this post on Instagram

 

A post shared by Abduroziq Official (@abdu_rozik)

এই পোষ্টটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেতা এলি অভ্ৰামে তেওঁক অভিনন্দন জনায়। গায়ক-সুৰকাৰ এ আৰ ৰহমানৰ কন্যা খাটিজা ৰহমানে লিখিছে, “মুবাৰক, প্ৰিয় আব্দু।” ইফালে আব্দুৰ সৈতে এক অনন্য সম্পৰ্ক থকা বেবিকা ধুৰভে হাৰ্ট ইমোজিৰ দ্বাৰা মন্তব্য কৰে। জাদ হাদিদেও হাৰ্ট ইমোজিৰে মন্তব্য কৰা পৰিলক্ষিত হয়।

ইয়াৰ পূৰ্বে ‘বিগ বছ’ৰ প্ৰাক্তন প্ৰতিযোগীগৰাকীয়ে তেওঁৰ ভৱিষ্যতৰ পত্নীৰ বাবে ক্ৰয় কৰা ধুনীয়া হীৰা আঙঠিটোৰ আভাস শ্বেয়াৰ কৰিছিল। ২০ বছৰীয়া আব্দুয়ে ৭ জুলাইত শ্বাৰজাৰ এগৰাকী ১৯ বছৰীয়া আমিৰাছী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব বুলি জানিব পৰা গৈছে।

Related News