বিহাৰত নিৰ্বাচন খেলিব ডুপ্লিকেট মোডীয়ে, দাখিল কৰিলে মনোনয়ন

pathak

এইবাৰ মোডীৰ লগত নাই ডুপ্লিকেট মোডী।

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ প্ৰচাৰ চলোৱা বিহাৰৰ ডুপ্লিকেট মোডী অভিনন্দন পাঠকে এই বাৰ বিহাৰ বিধান সভাৰ নিৰ্বাচনত বিজেপিৰ হৈ প্ৰচাৰ চলোৱাৰ সলনি অন্য দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

দেখিবলৈ সাইলাখ প্ৰধানমন্ত্ৰী মোডীৰ দৰেই অভিনন্দন পাছক যদিও উত্তৰ প্ৰদেশৰ লোক তথাপি তেওঁক বিহাৰৰ বুলিয়েই বহুতে জানে।

কাৰণ বহু বছৰ ধৰি তেওঁ বিহাৰৰ গোপালগঞ্জৰ ছাভানাহা গাওঁত বাস কৰি আহিছে।

খোজ-কাটল,কথা-বতৰা সকলো ক্ষেত্ৰতে মোডীক অনুসৰণ কৰা অভিনন্দন পাঠকে এইবাৰ বিহাৰ বিধান সভাৰ নিৰ্বাচনত গোপালগঞ্জ জিলাৰ হাথুৱা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব।

বঞ্চিত সমাজ পাৰ্টী দলৰ পৰা নিৰ্বাচন খেলাৰ উদ্দেশ্যে তেওঁ ইতিমধ্যে মনোনয়ন পত্ৰ জমা দিছে।

প্ৰধানমন্ত্ৰী মোডীৰ একান্ত ভক্ত অভিনন্দন পাঠকে অৱশ্যে মোডীয়ে দুখীয়া লোকৰ বাবে বিশেষ একো কৰিব পৰা নাই বুলি মন্তব্য কৰে।

তেওঁ কয় যে অনাগত দিন সমূহত মোডীয়ে কেনে কাম কৰে তাৰ প্ৰতি এতিয়া সকলোৱে দৃষ্টি ৰাখিছে।

উল্লেখ্য ডুপ্লিকেট মোডী অভিনন্দন পাঠকে ইয়াৰ পূৰ্বে ৬ বাৰ নিৰ্বাচন খেলি প্ৰতিবাৰেই পৰাজিত হৈছে।

এইবাৰো তেওঁ জিকিব পাৰে নে নাই সেয়া সময়েহে কব।

এইবাৰ তেওঁৰ বিপক্ষে থকা শক্তিশালী প্ৰাৰ্থী হৈছে বিহাৰৰ সমাজকল্যাণ দপ্তৰৰ মন্ত্ৰী ৰাম সেৱক সিং।