বিষাক্ত সুৰা পানৰ পৰিণতিত বিহাৰৰ মতিহাৰীত ২০ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ পিছতে অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে বিহাৰ আৰক্ষী। অবৈধ সুৰা বিৰোধী অভিযান কালত মতিহাৰীৰ বিভিন্ন গাঁৱৰ পৰা বিপুল পৰিমাণৰ ভুৱা সুৰা জব্দ কৰিছে আৰক্ষীয়ে।
পূৱ চম্পাৰণ জিলা প্ৰশাসনে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা মতে, মতিহাৰীৰ বিভিন্ন স্থানত তালাচী চলোৱাৰ পিছতে মদৰ অবৈধ ব্যৱসায়ত জড়িত গৰাকী ২০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
তেওঁলোকৰ হাতৰ পৰা প্ৰায় ৮৫.৫ লিটাৰ দেশত নিৰ্মিত সুৰা আৰু বিপুল পৰিমাণৰ ভাৰতত নিৰ্মিত বিদেশী সুৰা (আই এম এফ এল) উদ্ধাৰ কৰা বুলি আৰক্ষীয়ে লগতে সদৰী কৰিছে।
বিবৃতিটোত লগতে উল্লেখ কৰা মতে, শুকুৰ আৰু শনিবাৰৰ মাজনিশা জিলাখনৰ তুৰ্কাউলিয়া, হৰসিদ্ধি, সুগৌলি আৰু পাহাৰপুৰ অঞ্চলত অবৈধ সুৰা সেৱন কৰাৰ ফলত কেইবাগৰাকীও লোকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে খবৰ লাভ কৰিছিল।
এই খবৰ লাভ কৰাৰ পিছতে ততাতৈয়াকৈ আৰক্ষীৰ এটা দলক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই এই সন্দৰ্ভত দিয়া ভাষ্য মতে ইতিমধ্যে ২০ গৰাকী লোকৰ মৃত্য হৈছে যদিও পাঁচজন লোকৰ অৱস্থা সংকটজনক হোৱাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে।
ঘটনা সন্দৰ্ভত বিহাৰ আৰক্ষীৰ লগতে আবকাৰী বিভাগৰ বিষয়াসকলেও তদন্ত অব্যাহত ৰাখিছে বুলি প্ৰশাসনে লগতে সদৰী কৰিছে।
উল্লেখ্য যে, ২০১৬ চনৰ এপ্ৰিল মাহত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত সুৰাৰ বিক্ৰী আৰু সেৱনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল।
এই নিষেধাজ্ঞাৰ পিছতো ৰাজ্যখনত চোৰাং বজাৰত সুৰা বিক্ৰী আৰু স্থানীয়ভাৱে নিৰ্মিত সুৰা সেৱনৰ ফলত মৃত্যুৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে।