বিহাৰত অষ্টম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ: টিউচনৰ পৰা উভতাৰ পথতে অপহৰণ কৰি নি বলাৎকাৰ পাঁচ দুৰ্বৃত্তৰ

gang-raped in Bihar

দেশত নাৰীজনিত অপৰাধৰ ক্ৰমবৰ্ধমান পৰিস্থিতিয়ে দাঙি ধৰিছে নাৰী সুৰক্ষাৰ নিশকতীয়া ৰূপ। দেশৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে সংঘটিত ধৰ্ষণ কাণ্ডই উদ্বেগ বৃদ্ধি কৰাৰ সময়তে এইবাৰ বিহাৰত সংঘটিত এক দলবদ্ধ ধৰ্ষণ কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

এই নৃশংস কাণ্ড সংঘটিত হৈছে সোমবাৰে। এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী সন্ধিয়া টিউচনৰ অন্তত ঘৰলৈ উভতি অহাৰ পথতে পাঁচ দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ছাত্ৰীগৰাকীয়ে ৰামানুজ কোচিং চেণ্টাৰত টিউচন কৰি ঘৰলৈ গৈ থকা অৱস্থাতে সন্ধিয়া প্ৰায় ৬:৩০ বজাৰত পাঁচ দুৰ্বৃত্তই কিশোৰীগৰাকীক অপহৰণ কৰি এখন অটোৰিক্সাত জাল্লাৰ স্থানীয় এক হনুমান মন্দিৰৰ কাষৰ জনশূন্য স্থানলৈ লৈ যায়।

তাৰ পাছতে পাঁচ দুৰ্বৃত্তই উপৰ্যুপৰি বলাৎকাৰ কৰে কিশোৰীগৰাকীক। এই নৃশংস আতিশয্যৰ পিছতে অচেতন হৈ পৰে কিশোৰীগৰাকী। ইফালে বলাৎকাৰৰ পিছতে অচেতন কিশোৰীগৰাকীক শনি মন্দিৰৰ কাষত পেলাই থৈ পলায়ন কৰে অভিযুক্তই।

ঘটনাৰ কিছু সময়ৰ পাছত কিশোৰীগৰাকীয়ে চেতনা লাভ কৰে আৰু ঘৰলৈ যাবলৈ সক্ষম হয়। নিজ গৃহত উপস্থিত হৈ কিশোৰীগৰাকীয়ে পিতৃ-মাতৃৰ আগত সকলো কথা বিৱৰি কয় আৰু এই ভাষ্যৰ ভিত্তিত পিতৃ-মাতৃয়ে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

এই ভয়ংকৰ খবৰ বিয়পি পৰাৰ পাছতে অঞ্চলটোত সৃষ্টি হয় প্ৰতিবাদৰ। ক্ষুব্ধ স্থানীয় ৰাইজে অভিযুক্ত চক্ৰটোক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।

অৱশ্যে এই পৰ্যন্ত এই ঘটনাৰ লগত জড়িত কেৱল চালকজনকহে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। আন চাৰি অভিযুক্ত সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।