ক’ৰ’নাতংক; স্বাস্থ্য পৰীক্ষা কৰিবলৈ খবৰ দিয়া লোকক হত্যাৰ চেষ্টা শ্ৰমিক পৰিয়ালৰ

mus-murder

প্ৰতিনিধিত্বমূলক চিত্ৰ

দেশত ক’ৰ’না ভাইৰাছে ক্ৰমশঃ নৰ সংহাৰীৰূপ ধাৰণ কৰিছে।

ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশত ২১ দিনীয়া ল’কডাউন ঘোষণা কৰাৰ পিছতে দেশৰ বিভিন্ন মহানগৰৰ নিৰ্মাণ খণ্ডত নিয়োজিত বহিঃৰাজ্যৰ অসংগঠিত হাজাৰ হাজাৰ শ্ৰমিকে নিজ গৃহাভিমুখে পদব্ৰজে যাত্ৰা কৰে।

ইয়াৰে হাজাৰ হাজাৰ অসংগঠিত খণ্ডৰ শ্ৰমিক আছিল বিহাৰৰ। নিজ গৃহত উপস্থিত হোৱাৰ পিছত এই শ্ৰমিকসকলে স্বাস্থ্য পৰীক্ষা নকৰোৱাৰ খবৰ আহি পৰিছে।

বিহাৰৰ সীতামাৰ্হী জিলাৰ ২০ বছৰীয়া এজন যুৱকক নিজ গাঁৱৰ মাহাৰাষ্ট্ৰত কৰ্মৰত কিছু শ্ৰমিকে স্বাস্থ্য পৰীক্ষা নকৰাৰ কথা কৰ্তৃপক্ষ অৱগত কৰাৰ বাবে শ্ৰমিকৰ পৰিয়ালৰ লোকে শাৰীৰিকভাৱে আক্ৰমণ কৰে।

ঘটনাৰ বিৱৰণীৰ মতে বাবলু কুমাৰ নামৰ যুৱকজনে কৰ্তৃপক্ষক খবৰ দিয়াৰ পিছত স্বাস্থ্য বিভাগৰ এটা দলে আহি শ্ৰমিকসকলৰ স্বাস্থ্যৰ পৰীক্ষা কৰে।

স্বাস্থ্য পৰীক্ষা কৰি দলটো যোৱাৰ পিছতে প্ৰব্ৰজিত শ্ৰমিক মুন্না মাহাতো আৰু সুধীৰ কুমাৰে পৰিয়ালৰ লোকসকলৰ সৈতে মিলি বাবলু কুমাৰক শাৰীৰিকভাৱে আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰে বুলি অভিযোগ কৰিছে আহত বাবলু কুমাৰে।

আহত বাবলু কুমাৰক স্থানীয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে ততালিকে প্ৰেৰণ কৰাৰ বাবেহে মৃত্যুৰ পৰা ৰক্ষা পৰে বুলি  জানিব পৰা গৈছে।

ইতিমধ্যে বাবলু কুমাৰ নামৰ যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগত মুন্না মাহাতো আৰু সুধীৰ কুমাৰসহ অন্য পাঁচজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইফালে বিহাৰৰে জেহানবাদ নামৰ এখন গাঁৱত ২৪ জন প্ৰব্ৰজিত শ্ৰমিক ঘৰত উপস্থিত হোৱাৰ খবৰ পায় স্থানীয় প্ৰশাসনে স্বাস্থ্য পৰীক্ষা কৰিবলৈ শ্ৰমিকসকলক জনাবলৈ গৈ আক্ৰমণৰ বলি হয়। এই ঘটনাত অ’ক্ৰি আৰক্ষী চকীৰ দুজন কৰ্তব্যৰত আৰক্ষী আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে।