• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰী চাকৰি পোৱাৰ পিছতে অপহৰণ, মূৰত বন্দুক ৰাখি বিয়া, দেশৰ ক’ত ঘটিল এই ঘটনা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2024 11:09 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটা ভাল চাকৰি যিকোনো যুৱকৰ সপোন। যদি সেয়া চৰকাৰী হয় তেন্তে ‘সোণত সুৱাগা চৰা’। কিন্তু চৰকাৰী বিদ্যালয় এখনত শিক্ষকৰ চাকৰি পোৱাৰ পিছতে বিপদ আহিল বিহাৰৰ এজন যুৱকৰ জীৱনলৈ! তেওঁৰ অনুমতি অবিহনেই তেওঁৰ জীৱনৰ ডাঙৰ সিদ্ধান্ত লোৱা হৈ গ’ল। অচিনাকি ব্যক্তিৰ বিৰুদ্ধে অপহৰণ আৰু বিবাহৰ অভিযোগ উঠিল। জীৱনৰ ভয়ত বিয়া পাতিবলগীয়াও হ’ল। কিন্তু কইনাক কেন্দ্ৰ কৰিহে আছে ঘটনাৰ ‘টুইষ্ট’।

দৰাচলতে কি ঘটিছিল? বিহাৰৰ বেগুছৰাই জিলাৰ বাসিন্দা অবনীশ কুমাৰ। শেহতীয়াকৈ তেওঁ ৰাজ্যিক লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বিদ্যালয়ৰ শিক্ষক হিচাপে চাকৰি লাভ কৰে। অভিযোগ অনুসৰি, ঘটনাৰ দিনা শুকুৰবাৰে যুৱকজন ঘৰৰ পৰা স্কুললৈ গৈ আছিল। হঠাৎ প্ৰায় ১২ জন অচিনাক্ত লোকে তেওঁক ঘেৰি ধৰিলে। কিবা গম পোৱাৰ আগতেই তেওঁৰ ফালে বন্দুক টোৱাই গাড়ীত উঠিবলৈ ক’লে।

অভিযোগ অনুসৰি, অবনীশক বলপূৰ্বকভাৱে গাড়ীত উঠাই লৈ যায়। গাড়ীখন পোনে পোনে গৈ এটা মন্দিৰৰ সন্মুখত ৰৈ গ’ল। তাত ইতিমধ্যে উপস্থিত ৰঙা শাৰী পৰিহিতা এগৰাকী কইনা। যুৱকজনক বিয়া পাতিবলৈ কোৱা হয়। তেওঁ মান্তি নোহোৱাত, ভাবুকি দি অবনীশক বিয়া কৰিবলৈ বাধ্য কৰা বুলি অভিযোগ উঠিছে।

কিন্তু ইয়াতে টুইষ্ট আছে। বিয়াৰ অপেক্ষাত থকা কইনাৰ নাম গুঞ্জন। তেওঁ লক্ষীচৰাই জিলাৰ বাসিন্দা তেওঁ। গুঞ্জনৰ মতে, অবনীশৰ সৈতে তেওঁৰ চাৰি বছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰেমিক যুগলৰ বিয়াও হোৱাৰ কথা আছিল।

কিন্তু যুৱতীগৰাকীয়ে দাবী কৰিছে যে যুৱকজনে চাকৰি পাই সেই ‘প্ৰতিশ্ৰুতি’ পাহৰি যায়। কিন্তু তেতিয়ালৈকে গুঞ্জনে ঘৰত তেওঁলোকৰ সম্পৰ্কৰ কথা অৱগত কৰিছিল। ইফালে অৱনীশৰ সৈতে যোগাযোগ কৰিব পৰা নাই। সেয়ে উঠাই আনি বলপূৰ্বক বিবাহ। গুঞ্জনে কয়, “আমাৰ সংসাৰ আৰম্ভ কৰাৰ কথা আছিল। যিখন স্কুলত চাকৰি পাইছিল সেইখন স্কুললৈও মোকো লৈ গৈছিল। কিন্তু মই ঘৰত কথাটো কওঁতেই অবনীশে বিয়া পাতিবলৈ অস্বীকাৰ কৰে। এইটো কেনেকৈ মানি ল’ম?”

অৱশ্যে সমগ্ৰ অভিযোগ অস্বীকাৰ কৰি অলপতে চৰকাৰী চাকৰি পোৱা অবনীশে কয়, “মই সেই ছোৱালীজনীক চিনি নাপাওঁ। বাৰে বাৰে ফোন কৰি মোক হাৰাশাস্তি কৰিছিল। ঘটনাৰ দিনা একাংশ লোকে মোক অপহৰণ কৰিছিল। মোক মাৰপিট কৰিলে, জোৰ কৰি বিয়া পাতি দিলে। প্ৰতিবাদ কৰিলে মোক হত্যা কৰাৰ ভাবুকি দিছিল।”

কিন্তু ঘটনা ইয়াতেই শেষ হোৱা নাই। বিয়াৰ পিছত গুঞ্জন অবনীশৰ ঘৰলৈ যায়। তাতো অশান্তি ঘটে। অবনীশৰ পিতৃ-মাতৃয়েও তেওঁক কইনা হিচাপে গ্ৰহণ কৰিব বিচৰা নাই। অৱশেষত কইনাই থানাত অভিযোগ দিলে। বিপৰীতে অপহৰণ আৰু নিৰ্যাতনৰ অভিযোগ দাখিল কৰে অবনীশে। আৰক্ষী বিবুধিত। অৱশ্যে এয়াই প্ৰথমবাৰৰ বাবে নহয়, খবৰ পোৱা গৈছে যে এইবাৰ বিহাৰ আৰক্ষীয়ে এই ধৰণৰ অভিলেখ সংখ্যক অভিযোগ লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd