NORTHEAST NOW (Assamese)

শিক্ষা বিভাগৰ আজৱ কাণ্ড; পৰীক্ষাৰ বহী নোচোৱাৰ বাবে দুবছৰ পূৰ্বে মৃত্যু হোৱা শিক্ষকক নিলম্বন

March 3, 2020 12:43 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

দুবছৰ পূৰ্বেই মৃত্যুবৰণ কৰা বিহাৰৰ এগৰাকী শিক্ষকক ৰাজ্যখনৰ শিক্ষা বিভাগে পৰীক্ষাৰ বহী মূল্যায়ন নকৰাৰ অপৰাধত নিলম্বন কৰাৰ দৰে ঘটনা পোহৰলৈ অহাত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৰাজ্যখনৰ শিক্ষা বিভাগৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যক সকলোৱে হাস্যকৰ আখ্যা দিয়া পৰিলক্ষিত হৈছে।

জানিব পৰা মতে, ৰাজ্যখনৰ শিক্ষা বিভাগে ইণ্টাৰমিডিয়েট পৰীক্ষাৰ বহী মূল্যায়ন নকৰা কেইবাগৰাকীও শিক্ষকক নিলম্বন কৰিছে। শিক্ষা বিভাগে জাৰি কৰা নিলম্বনৰ এই তালিকাত দুবছৰ পূৰ্বেই মৃত্যু হোৱা শিক্ষকজনৰ নামো অন্তৰ্ভুক্ত হয়।

দুবছৰ পূৰ্বে মৃত্যু হোৱা শিক্ষকজনৰ নাম হৈছে ৰঞ্জিত কুমাৰ যাদৱ। তেওঁ বেগুচৰাইত পৰীক্ষাৰ বহী মূল্যায়ন কৰাৰ কথা আছিল বুলি জাননীত উল্লেখ কৰে।

যোৱা ২৮ ফেব্ৰুৱাৰিত বেগুচৰাই জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা এইসকল শিক্ষকক নিলম্বন কৰা হৈছিল।

উল্লেখ্য যে যোৱা মাহতে বিহাৰ ব’ৰ্ডৰ ইণ্টাৰমিডিয়েট পৰীক্ষা সমাপ্ত হৈছে।

Related News