NORTHEAST NOW (Assamese)

২০ লাখ মৃত ভোটাৰ, ২৩ হাজাৰ বিধানসভা নিৰ্বাচনত পিছ পৰি ৰ’ল! ‘নিবিড় পুনৰীক্ষণ’ই সলনি হ’ব পাৰে বিহাৰৰ নিৰ্বাচনৰ ফলাফল

July 24, 2025 3:07 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 24, 2025 3:09 pm

তুংগত উঠিছে বিহাৰৰ নিৰ্বাচনী প্ৰস্তুতি। নিৰ্বাচন আয়োগে ভোটাৰ তালিকা পাৰীক্ষা কৰোঁতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। বিহাৰৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিব কমেও ৫৬ লাখৰ নাম। নিৰ্বাচন আয়োগৰ সূত্ৰ অনুসৰি এই ৫৬ লাখ ভোটাৰৰ নিৰ্দিষ্ট ঠিকনাত কোনো সন্ধান পোৱা নগ’ল। হিচাপ অনুসৰি প্ৰতিখন বিধানসভাত গড়ে ২৩ হাজাৰ ভোটাৰৰ নাম বাদ পৰিব পাৰে।

প্ৰপ্ত তথ্য অনুসৰি ১ আগষ্টত প্ৰকাশ পাবলগীয়া ভোটাৰ তালিকাৰ খচৰাত সকলো যোগ্য ভোটাৰক অন্তৰ্ভুক্ত কৰা হ’ব বুলি মঙলবাৰে আয়োগে প্ৰকাশ কৰে। কমেও ৫৬ লাখ ভোটাৰ বাদ পৰিবলৈ গৈ আছে। আৰু এই ৫৬ লাখৰ ভিতৰত ২০ লাখ লোকৰ মৃত্যু হৈছে যদিও তেওঁলোকৰ ভোটাৰ কাৰ্ড বাতিল কৰা হোৱা নাই। ২৮ লাখ ভোটাৰ অন্য অঞ্চললৈ গুচি গৈছে। একাধিক স্থানত ভোটদানৰ বাবে আবেদন কৰিছে ৭.৫ লাখ ভোটাৰে। আৰু ১ লাখ ভোটাৰৰ কোনো সন্ধান পোৱা নাই। অহা ২ দিনত যদি তেওঁলোকৰ স্থান সলনি নহয় তেন্তে এই ৪১ লাখ ভোটাৰক তালিকাৰ পৰা কৰ্তন কৰা হ’ব বুলি সদৰী কৰিছে।

উল্লেখ্য যে হিচাপ অনুসৰি প্ৰতিখন বিধানসভাতে গড়ে প্ৰায় ২৩ হাজাৰ ভোটাৰক ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হয়। কিছুমান বেছি, কিছুমান কম। কিন্তু এই গড় ২৩হাজাৰ ল’লেও নিৰ্বাচনৰ ফলাফলত ইয়াৰ বৃহৎ প্ৰভাৱ পৰিব পাৰে। সাধাৰণতে এই তালিকাৰ পৰা বাদ পৰাসকলৰ অধিকাংশই প্ৰান্তীয় শ্ৰেণীৰ লোক। তেওঁলোকৰ বহুতেই হয়তো বহুদিন ভোটদান কৰি আহিছে, কিন্তু আয়োগে বিচৰা নথি-পত্ৰ তেওঁলোকৰ হাতত নাই। এই ভোটাৰৰ এটা অংশ সংখ্যালঘু। পৰম্পৰাগতভাৱে তেওঁলোক বিজেপি বিৰোধী। ইফালে আন এটা খণ্ড সম্পূৰ্ণ প্ৰান্তীয়। চৰকাৰী সুবিধাৰ পৰা বঞ্চিত। চৰকাৰৰ বিৰুদ্ধে ভোট দিয়াৰ সম্ভাৱনাও বেছি। অৱশ্যে চৰকাৰী আঁচনিৰ পৰাও ভোটাৰৰ এটা অংশই সুবিধা লাভ কৰিছে। যদিও সেই সংখ্যা কম, নীতিশ কুমাৰক সমৰ্থন কৰাৰ সম্ভাৱনা বেছি। ইয়াত মৃত ভোটাৰৰ সংখ্যাও লক্ষ্য ৰাখিব লাগিব। এই পৰ্যন্ত প্ৰায় ২০ লাখ মৃত লোকৰ নাম ভোটাৰ তালিকাত আছিল। এই মৃত ভোটাৰসকলৰ ভোটত যে পূৰ্বৰ বিধানসভা বা লোকসভা নিৰ্বাচনত ৰিগ কৰা হোৱা নাছিল সেয়া নিশ্চিতভাৱে ক’ব নোৱাৰি।

তাৎপৰ্যপূৰ্ণভাৱে ২০২০ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত ৪০খন আসনত জয় বা পৰাজয়ৰ ব্যৱধান আছিল ৩৫০০ ভোটতকৈও কম। ১১খন আসনত জয় বা পৰাজয়ৰ ব্যৱধান ১০০০ ভোটতকৈও কম। ৫০খনতকৈও অধিক আসনত ৫০০০ ভোটৰ দ্বাৰা বিজয় বা পৰাজয়ৰ ব্যৱধান নিৰ্ণয় কৰা হৈছিল। প্ৰতিটো বিধানসভা নিৰ্বাচনত ২৩ হাজাৰ ভোট হেৰুৱালে এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

Related News