পাঁচ বছৰৰ সম্পৰ্কৰ অন্তত বিয়া পাতিবলৈ ‘অমান্তি’, প্ৰেমিকৰ যৌনাংগ ছেদ কৰিলে প্ৰেমিকাই!

প্ৰতিনিধিত্বমূলক ফটো।

দুয়োৰে সম্পৰ্ক ৫ বছৰ পুৰণি। বহুদিন একেলগে ঘূৰা ফুৰাৰ পিছত প্ৰেমিকক বিয়াৰ কথা কৈছিল প্ৰেমিকাই। কিন্তু প্ৰেমিকজনে বিয়াৰ কথা ওলোৱাৰ পিছতে মুখ ঘুৰালে। ইয়াৰ পৰিণাম হ’ল অতি ভয়াৱহ। প্ৰচণ্ড খঙত প্ৰেমিকৰ যৌনাংগ কাটি পেলোৱাৰ অভিযোগ প্ৰেমিকাৰ বিৰুদ্ধে। অভিযুক্ত যুৱতী পেছাত চিকিৎসক। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। সংকটজনক অৱস্থাত চিকিৎসা চলিছে যুৱকৰ।

এই ঘটনা বিহাৰৰ সাৰণ জিলাৰ। জানিব পৰা মতে, যুৱকজন মধুৰা ব্লকৰ ১২ নং ৱাৰ্ডৰ কাউন্সিলাৰ। হাজীপুৰৰ এগৰাকী যুৱতীৰ লগত তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। যি পেছাত এগৰাকী চিকিৎসক।

আৰক্ষীৰ জেৰাৰ সন্মুখত অভিযুক্তই দাবী কৰে যে তেওঁৰ কাউন্সিলাৰৰ সৈতে পাঁচ বছৰ ধৰি সম্পৰ্ক আছিল। কিন্তু বিয়াৰ কথা কওঁতে যুৱকজনে আপত্তি কৰিলে। বিয়া হ’বলৈ অস্বীকাৰ কৰিলে।

লগতে পঢ়কঃভাৰতীয়সকলে গোটেই জীৱনৰ পঢ়াশুনাৰ তুলনাত দুগুণ খৰচ কৰে বিবাহত; সমীক্ষাত প্ৰকাশ পাইছে তথ্য

ইয়াৰ পিছত কেনেবাকৈ ছোৱালীজনীয়ে তেওঁক বিবাহ পঞ্জীয়ন কৰিবলৈ পতিয়ন নিয়ালে। প্ৰতিশ্ৰুতি অনুসৰি তেওঁ ৰেজিষ্টাৰ অফিচত ৰৈ আছিল। কিন্তু প্ৰেমিকজন নাহিল। ইয়াৰ ফলত যুৱতীগৰাকীৰ প্ৰচণ্ড খং উঠিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে অভিযুক্ত ছোৱালীজনীয়ে পৰিকল্পনা অনুসৰি প্ৰেমিকক ঘৰলৈ ফোন কৰে। অভিযোগ অনুসৰি যুৱকজন ঘৰলৈ অহাৰ লগে লগে দা লৈ যুৱকজনৰ ওপৰত জপিয়াই পৰে। যুৱকজনৰ যৌনাংগ কাটি ছেদ কৰি পেলায়। ইয়াৰ পিছত সেই টুকুৰা টয়লেটলৈ লৈ গৈ ফ্লেছ কৰি দিয়ে।

ইপিনে, যুৱকজন যন্ত্ৰণাত কাতৰ হৈ পৰিছিল। তাৰ চিঞৰ শুনি চৌপাশৰ মানুহবোৰ দৌৰি আহিল। আৰক্ষীক থানাত খবৰ দিয়াৰ পিছত ৰক্তাক্ত অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়কঃ স্বামীয়ে পত্নীৰ সন্মতি নোহোৱাকৈ কৰা যৌন সম্পৰ্ক আৰু মিছা প্ৰতিশ্ৰুতি দি কৰা যৌন সম্পৰ্ক : নতুন আইন মতে কি ধৰণৰ শাস্তি হ’ব অপৰাধীৰ?

এই ঘটনাত যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।