NORTHEAST NOW (Assamese)

বিশ্বনাথত লুইতপৰীয়া শিল্পী সমাজৰ উদ্যোগত বিহু কৰ্মশালা

March 24, 2022 12:46 pm · কাজী জেইদুল ইছলাম,বিশ্বনাথ
Updated: March 24, 2022 12:51 pm

অসমীয়া জাতিৰ হিয়াৰ আমঠু বহাগ বিহুলৈ মাজত মাত্ৰ এটা মাহ বাকী ।

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথ চাৰিআলিৰ প্ৰাথমিক আদৰ্শ বিদ্যালয়তো বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে।

ঢোলৰ তালে-তালে নাচনীৰ নৃত্য, ঢোল, পেপা, গগনাৰ মাতে বিহু অহাৰ বতৰা দিছে ।

বিশ্বনাথৰ লুইতপৰীয়া শিল্পী সমাজৰ উদ্যোগত যোৱা ১২ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই বিহুৰ কৰ্মশালাত বিশ্বনাথৰ বিভিন্ন প্ৰান্তৰ কণ কণ শিশু সকলে মৌ কুঁৱৰী,বিহু কুঁৱৰী,ঢোল বাদন,পেপা আৰু গগনা বজোৱাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে।

বিশ্বনাথৰ লুইতপৰীয়া শিল্পী সমাজে বিশ্বনাথত যোৱা ২০১৩ চনৰ পৰাই কণ কণ শিশু সকলক কৰ্মশালা আয়োজন কৰি প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল।

কিন্তু যোৱা দুটা বছৰত কৰোণাৰ বাবে শিল্পী সমাজে বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিবলগীয়া হৈছিল।

Related News