লুৰিণক আদৰাৰ চলেৰে গুৱাহাটীত বিজেপিৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন অসম জাতীয় পৰিষদৰ

২১ ৰ এপ্ৰিল- মে’ মাহেই অসমৰ ৰাইজৰ বিজেপিৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিক উচিত প্ৰত্যুত্তৰ দিয়াৰ সময় : লুৰীণজ্যোতি

a lurrrrrrr

অসম জাতীয় পৰিষদৰ নৱ নিযুক্ত সভাপতি লুৰীণজ্যোতি গগৈয়ে দায়িত্বভাৰ গ্ৰহণ কৰি প্ৰথমবাৰলৈ গুৱাহাটীত উপস্থিত হোৱাত অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলে উষ্ম আদৰণি জনায়।

গুৱাহাটীৰ খানাপাৰাৰ পৰা মাছখোৱা আন্ধাৰুবালিলৈকে সহস্ৰাধিক বাইকৰে সৈতে ৰেলী কৰি লুৰীণজ্যোতি গগৈক সম্বৰ্ধনাস্থলীলৈকে লৈ যায় তেওঁৰ সমৰ্থকসকলে।

উজনি অসমৰ পাছত অসমৰ ৰাজহাডস্বৰূপ গুৱাহাটীত নতুনকৈ গঠন হোৱা আঞ্চলিক দলটোৰ এয়া এক প্ৰকাৰৰ শক্তি প্ৰদৰ্শন বুলি ক’লেও বহলাই কোৱা নহ’ব।

উক্ত ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত তেওঁক আদৰণি জনায় বহু স্থানীয় সংগঠন, জাতীয় মহিলা শক্তি, জাতীয় যুৱ পৰিষদকে ধৰি অন্যান্য বহুতে।

উক্ত অনুষ্ঠানত উদ্দাত্ত কন্ঠৰে ভাষণ ৰাখে লুৰীণজ্যোতি গগৈয়ে।

তেওঁ কয় ‘জাতীয়তাবাদী স্বাভিমানৰ সন্তান হ’ল অসম জাতীয় পৰিষদ। ৰাইজে বুকুৰ মাজত অসম জাতীয় পৰিষদক স্থান দিয়ক। নিজৰ সৰ্বোচ্চ ত্যাগ কৰি আই মাতৃক সেৱা কৰিম।’
অসমৰ ভবিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাজ্যবাসীক আগবাঢ়ি আহিবলৈ লুইতৰ পাৰৰ পৰা লুৰিণে অনুৰোধ জনাই লুৰীণে লগতে কয় ‘২১ ৰ এপ্ৰিল মে’ মাহটোৱে অসমৰ ৰাইজৰ বিজেপিৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিক উচিত প্ৰত্যুত্তৰ দিয়াৰ সময়।ৰাষ্ট্ৰীয় শক্তিক উৎখাত কৰি জাতীয়তাবাদীৰ বিজয় ধ্বজা চিৰদিনৰ বাবে উৰুৱাবলৈ এপ্ৰিল, মে শ্ৰেষ্ঠ সময়।

ভাষণ প্ৰসংগত লুৰিণজ্যোতি গগৈয়ে আৰু কয় ‘ আগতে কংগ্ৰেছৰ সূতা কম্বল আৰু  এতিয়া বিজেপিৰ ৮৩০ টকাৰ মাজত কোনো পাৰ্থক্য নাই। এফালে বিনামূলীয়া চাউল দিছে, আনফালে ৮০ টকাত পিয়াঁজ বিক্ৰি, ১৬০ টকাত দালি বিক্ৰীৰে ৰাইজক লুণ্ঠন কৰিছে চৰকাৰে। প্ৰলোভনৰ জাল ফালি উত্তৰণৰ দিশত আমি আগবাঢ়িব লাগিব।’

‘অসম বিৰোধী শক্তিক পুলিয়ে পোখাই উৎখাত কৰি ব্ৰহ্মপুত্ৰত দলিয়াবলৈ অসমৰ জনগণে যদি মন স্থিৰ কৰি লয় তেন্তে ইয়াৰ ফলাফল ২০২১ ৰ এপ্ৰিল আৰু মে মাহতে ওলাব।‘ লুৰীণে লগতে কয়।

ইপিনে, অসমৰ হকে কাম কৰিবলৈ বহু দায়িত্ব আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘অসম চুক্তিৰ সফল কৰিবলৈ দায়িত্ব আছে। চৰকাৰৰ বিদেশীপ্ৰীতিৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কৰিও বিদেশী মুক্ত অসম আমি নাপালো।  চৰকাৰৰ বিফলতাৰ বাবে বিদেশীযুক্ত এখন নাগৰিকপঞ্জী লাভ কৰিলো।‘

তদুপৰি, অসমৰ জনগণৰ সমস্যাক লৈ বৃহৎ নদীবান্ধৰ সমস্যা, বান-গড়াখহনীয়াৰ সমস্যা সমাধানৰ দিশত পৰিকল্পিত অৰ্থনৈতিক বুনিয়াদ মজবুত কৰাৰ বাবে নিঁখুত পৰিকল্পনাৰে অসমৰ সমাজ জীৱনক আগুৱাই লৈ যোৱাই অসম জাতীয় পৰিষদৰ মুল লক্ষ্য বুলি নেতাগৰাকীয়ে উল্লেখ কৰে।

‘ধৰ্মীয় মেৰুকৰণৰ নাগপাশত যাতে অসমীয়া ৰাইজ বলি নোহোৱাকৈ এইখন অসমত আমাৰ সাতামপুৰুষীয়া আমাৰ ঐক্য, সমন্বয় আৰু সম্প্ৰীতি অটুত থকাকৈ আমি আগন্তুক সময়ত আগুৱাই যাৱ লাগিব।‘ লুৰীণে লগতে কয়।