NORTHEAST NOW (Assamese)

বিশ্বনাথত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ বৃহৎ বাইক ৰেলী

March 20, 2021 1:47 pm · কাজী জেইদুল ইছলাম

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত আছুৰ উদ্যোগত উলিওৱা হয় বৃহৎ বাইক ৰেলী ।

বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা বিশ্বনাথ চাৰিআলিৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী শ্লোগানেৰে বাইক ৰেলী উলিয়ায় প্ৰতিবাদকাৰী সকলে ।

এই বাইক ৰেলীত লগতে সহযোগ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও ।

উল্লেখ্য অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰি আহিছে যদিও চৰকাৰে তেনে প্ৰতিবাদৰ প্ৰতি মুঠেও গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।

এই জাতিধ্বংসী আইন খনৰ বিৰুদ্ধে অসমত ২০১৯ চনৰ মাজ ভাগৰ পৰাই আন্দোলন চলি আহিছে।

মাজতে কোভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত আন্দোলন স্থৱিৰ হৈ পৰিছিল যদিও আছুৰ উদ্যোগত আজিৰে পৰা পুনৰ ৰাজ্যজুৰি আৰম্ভ হৈছে ‘কা’ৰ বিৰুদ্ধে আন্দোলন।’কা’ আন্দোলনত অসমত পাঁচজন লোক শ্বহীদ হৈছে।

Related News