NORTHEAST NOW (Assamese)

মহানগৰীৰ ছুপাৰ মাৰ্কেট ফ্লাইঅভাৰত সংঘটিত ভয়াবহ দুৰ্ঘটনাত ৰেপিডো চালক, যুৱতীৰ মৃত্যু

December 23, 2024 8:53 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 23, 2024 8:55 am

দেওবাৰে নিশা গুৱাহাটী মহানগৰীৰ ছুপাৰ মাৰ্কেট ফ্লাইঅভাৰত সংঘটিত এক ভয়াবহ দুৰ্ঘটনাত এজন ৰেপিডো চালক যুৱক আৰু বাইকখনত উঠি অহা এগৰাকী যুৱতী নিহত হয়।

খবৰ অনুসৰি মৃত ৰেপিডো চালক যুৱকজনজনৰ নাম ৰঞ্জিত ৰাজবংশী (২৪) বুলি চিনাক্ত হোৱাৰ বিপৰীতে মহিলাগৰাকীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

কৰ্মসংস্থাপনৰ সন্ধানত গুৱাহাটীলৈ অহা ৰাজবংশী নলবাৰীৰ বাসিন্দা আছিল।

আনহাতে, দুৰ্ঘটনাটোত ৰাজবংশীৰ থিতাতে মৃত্যু হয় যদিও যুৱতীগৰাকীক  চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে চিকিৎসালয়লৈ নিয়াৰ পথতে আঘাতপ্ৰাপ্ত অৱস্থাত মৃত্যুক সাৱটি লয় যুৱতীগৰাকীয়ে।

দুৰ্ঘটনাটোৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও দুয়োৱে আহি থকা বাইকখনত পিছফালৰ পৰা আন এখন বাহনে খুন্দা মৰা বুলি দাবী কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS01BU7601।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related News