চণ্ডীগড়ত ৰাজপথতে যৌন আতিশয্যৰ বলি ব্ৰিটিছ দূতাবাসত কৰ্মৰত বিদেশী মহিলা

প্ৰতিনিধিত্বমূলক ছবি

মহিলা-যুৱতীক সুৰক্ষাৰ প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ বিভিন্ন ৰাজ্যৰ চৰকাৰ ব্যৰ্থ হৈ আহিছে বুলি অভিযোগ উঠি থকাৰ সময়তে এইবাৰ চণ্ডীগড়ৰ ৰাজপথতে যৌন আতিশয্যৰ বলি হ’ল এগৰাকী বিদেশী মহিলা।

চণ্ডীগড়ৰ ব্ৰিটিছ উচ্চায়ুক্ত কাৰ্যালয়ত কৰ্মৰত এগৰাকী ব্ৰিটিছ মহিলাক চহৰ খনৰ ৰাজপথতে এজন মটৰ চাইকেলত অহা যুৱকে যৌন আতিশয্য চলায়।

মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি প্ৰাতঃ ভ্ৰমণৰ বাবে ওলাই অহা মহিলাগৰাকী চণ্ডীগড়ৰ ছেক্টৰ ১০ অঞ্চলত যৌন আতিশয্যৰ বলি হয়।

মহিলাগৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁ পুৱা প্ৰায় ৫.৪৫ বজাত ৰাজপথেৰে প্ৰাতঃ ভ্ৰমণ কৰি আছিল।

চণ্ডীগড় টেনিছ এছ’চিয়েনৰ চৌহদৰ দিশে গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা বাইক চলাই অহা এজন যুৱকে পিছপিনৰ পৰা মহিলাগৰাকীৰ দেহত হাত দিয়ে।

মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাৰ লগতে যুৱক জনক ধৰিবলৈ চেষ্টা চলায় যদিও যুৱক জনে তীব্ৰ বেগেৰে বাইক চলাই সেই স্থানৰ পৰা পলায়ন কৰে।

ব্ৰিটিছ মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত চণ্ডীগড়ৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ ক ধাৰাত অচিনাক্ত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে ঘটনাস্থলীৰ আশেপাশে থকা চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি যৌন আতিশয্য চলোৱা যুৱক জনক কৰায়ত্ব কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে।

বাতৰি যুগুত কৰা পৰ্যন্ত আৰক্ষীয়ে যুৱকজনৰ পৰিচয় উলিয়াবলৈ সক্ষম হোৱা নাই।